বোকাজান ড্ৰাগছ ব্যৱসায়ী মহিলাাৰ বাসগৃহত উদ্ধাৰ পিষ্টল

86055043 dd70 4493 b6d4 fbe4a4bfd75b

বোকাজানৰ খটখটী থানাৰ অন্তৰ্গত টিলাবস্তিত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই এগৰাকী মহিলাৰ বাসগৃহৰ পৰা তিনিটা সজীৱ গুলীসহ এটা পইণ্ট থ্ৰিটু পিষ্টল উদ্ধাৰ কৰাৰ লগতে আটক কৰে মহিলা গৰাকীক৷

ধৃত মহিলা গৰাকীৰ নাম শিখা দেৱনাথ(৪২)৷ আৰক্ষীৰ সুত্ৰ অনুসৰি অবৈধ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত মহিলা গৰাকীৰ ঘৰত এক গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত উদ্ধাৰ হোৱা পিষ্টলটো ।

মহিলা গৰাকীয়ে কি কাৰণত লগত ৰাখিছিল সেয়া নিশ্চিত হোৱা নাই যদিও বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়া মতে অবৈধ ব্যৱসায়ৰ লগত জড়িত কোনো ব্যক্তিয়েই পিষ্টলটো ৰাখিবলৈ দিছিল মহিলা গৰাকীক ৷আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

Exit mobile version