Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

পানী ঘোলা কৰিলেও মমতাৰ সম্ভাৱনা ক্ষীণ

প্রাঞ্জলসেন ডেকা

publisher by publisher
November 29, 2021
in Opinion
Reading Time: 1 min read
0
পানী ঘোলা কৰিলেও মমতাৰ সম্ভাৱনা ক্ষীণ
3
SHARES
26
VIEWS
ShareShareShareShare

পশ্চিমবংগৰ বামপন্থী ৰাজনীতিক নস্যাৎ কৰাৰ পাছত মহাপৰাক্ৰমী বিজেপিক ভেট দি পশ্চিমবংগত একেৰাহে তৃতীয়বাৰৰ বাবে অভাৱনীয় বিজয় সাব্যস্ত কৰি মমতা বেনাৰ্জী এক ৰাজনৈতিক শক্তিত পৰিণত হৈছে।

ADVERTISEMENT

এই বিজয়ৰ জৰিয়তে মমতাই নিজকে ৰাষ্ট্ৰীয় ৰাজনীতিত প্রক্ষেপৰ পথ প্রশস্ত কৰিছে। সেই উদ্দেশ্যে অভিযান আৰম্ভ কৰি মমতাই এক বহুল চর্চিত ৰাজনৈতিক ব্যক্তিত্বৰূপে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। তৃণমূল কংগ্ৰেছৰ নেত্রীগৰাকীৰ এনে অভিযানৰ মাজতে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা প্ৰভাৱশালী কংগ্রেছ নেতা মুকুল চাংমাই ১১জনকৈ সতীর্থ বিধায়কসহ মমতাৰ দলত যােগদান কৰিছে।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

ফলস্বৰূপে নিশাটোৰ ভিতৰতে পাহাৰীয়া ৰাজ্যখনত তৃণমূল কংগ্ৰেছে সর্ববৃহৎ বিৰােধী দলৰ মর্যাদা লাভ কৰিছে। সতীর্থ বিধায়কসহ চাংমাৰ তৃণমূল কংগ্ৰেছত যােগদানৰ আগলৈকে মেঘালয়ত তৃণমূল কংগ্ৰেছৰ কোনাে ভেটি নাছিল।

আনকি দলৰ এজন বিধায়কো জয়ী হৈ আহিবলৈ সক্ষম হােৱা নাছিল। ৰাজ্যখনত কংগ্ৰেছ অথবা আঞ্চলিক দলৰ মাজতে মূল প্রতিদ্বন্দ্বিতা হৈ আহিছে আৰু তাৰেই কোনােবা এটা দলে ইমান দিনে ক্ষমতা দখল কৰি আহিছে।

বিগত বিধানসভা নির্বাচনত কংগ্ৰেছক ওফৰাই এনপিপিৰ নেতৃত্বত একাধিক আঞ্চলিক ৰাজনৈতিক দল ঐক্যৱদ্ধ হৈ বিজেপিৰ সহযােগত চৰকাৰ গঠন কৰে। এই আঞ্চলিক মৰ্চা বিজেপি নেতৃত্বাধীন নেডাৰ অংশীদাৰ হৈ পৰে।

অসমসহ উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যত নেডাৰ চৰকাৰ ক্ষমতাধিষ্ঠিত হােৱাৰ পৰিপ্ৰেক্ষিতত চাংমাৰ নেতৃত্বত কংগ্ৰেছ বিধায়কসকলে নেডাত চামিল হােৱাৰ পৰিৱর্তে তৃণমূল কংগ্ৰেছত যােগদান কৰাটোৱে নতুন সমীকৰণৰ ইংগিত বহন কৰিছে।

কিয়নাে এই কথা অস্বীকাৰ কৰিব নােৱাৰি যে পশ্চিমবংগকেন্দ্রিক আঞ্চলিক দল হােৱা হেতুকে তৃণমূল কংগ্ৰেছ বাঙালী নেতৃত্বৰ দ্বাৰাই পৰিচালিত হৈছে আৰু হ’ব। সেই বাঙালী নেতৃত্বক মেঘালয়ৰ দৰে জনজাতীয় ৰাজ্যত বৃহৎ সংখ্যক বিধায়কে গ্রহণ কৰাটো লক্ষ্যণীয়।

দৰাচলতে বিজেপিৰ অতি ভাৰতীয়কৰণ অভিযানৰ এয়া বিপৰীত ফল বুলি ভবাৰ থল নথকা নহয়। উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে নিজকে ভাৰতীয় বুলিয়ে গণ্য কৰি আহিছে আৰু ভাৰতৰ পৰা বিচ্ছিন্ন হৈ যােৱাৰ কথা কল্পনাও কৰিব নােৱাৰে; কিন্তু একে সময়তে অতি ভাৰতীয় হােৱাৰ পৰীক্ষা দিবলৈও ইচ্ছুক নহয়।

সেয়েহে এনে অতি ভাৰতীয়কৰণৰ প্ৰচেষ্টাই উত্তৰ-পূবত নতুনকৈ ক্ষোভৰ সৃষ্টি কৰাৰ আশংকা নুই কৰিব নােৱাৰি। চাংমাৰ তৃণমূলত যােগদানৰাে এয়াই কাৰণ হ’ব পাৰে। মেঘালয়ত যি ঘটিল সি তাৰেই উকমুকনি আৰু পৰৱর্তী পর্যায়ত ই অন্যান্য ৰাজ্যলৈও প্ৰসাৰিত হ’ব পাৰে।

বিভিন্ন কাৰণত সেয়ে সময়ে সময়ে নেডাৰ অস্তিত্বক নস্যাৎ কৰা পৰিলক্ষিত হয়। এই বিষয়ে ভৱিষ্যতে আলােচনা কৰাৰ আশা ৰাখিলাে। সি যি কি নহওক, তৃণমূল নেত্রী মমতাৰ শেহতীয়া দিল্লী ভ্রমণে যথেষ্ট প্রচাৰ লাভ কৰাৰ উপৰি ৰাজনৈতিক মহলতাে সুৰসুৰণিৰ সৃষ্টিকৰিছে।

সাধাৰণতে কোনাে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিল্লী ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত এনে প্ৰচাৰ লাভ কৰা পৰিলক্ষিত নহয়। পশ্চিমবংগত সর্বশক্তি প্রয়ােগ কৰা বিজেপিক পৰাজিত কৰিবলৈ সক্ষম হােৱা বাবে মমতাক বিভিন্ন মহলে ৰাষ্ট্ৰীয় প্রেক্ষাপটলৈ আনি তেওঁক প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ বিপৰীতে থিয় কৰােৱাৰ প্রচেষ্ট চলাইছে।

কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে নিজকে মােদীৰ প্রতিদ্বন্দ্বীৰূপে প্রতিষ্ঠা কৰাত ব্যর্থ হােৱাৰ সুযােগ ল’বলৈ তৎপৰ হৈ উঠিছে মমতা আৰু তেওঁৰ সহযােগীসকল। দেশত সম্প্রতি প্রধানমন্ত্রী মােদীৰ সমকক্ষ কোনাে এজন নেতা এই পর্যন্ত বিৰােধীয়ে দাঙি ধৰিব নােৱৰাটো ইতিমধ্যে জলজল পটপট হৈ আছে। সেয়েহে এইবাৰ মমতাৰ জৰিয়তে বিজেপি তথা মােদী বিৰােধীসকলে সেই সুযােগ ল’বলৈ কুচকাৱাজ চলাইছে।

তাৰ লগে লগে মমতা বেনাৰ্জী প্রধানমন্ত্রী মােদীৰ প্রতিদ্বন্দ্বী হােৱাৰ যােগ্যতাক লৈও হিচাপ-নিকাচ আৰম্ভ হৈছে। অৱশ্যে এইখিনিতে এই কথাও বিশ্লেষণ কৰাৰ প্ৰয়ােজন যে পশ্চিমবংগ বিধানসভা নির্বাচনত বিজেপি পৰাজিত হলেও ২০১৬ৰ তিনিখন আসনৰ পৰা এইবাৰ সেই সংখ্যা ৭৭খনলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

তদুপৰি ২০১৬ত লাভ কৰা ৫.৫৬ শতাংশ ভােট চলিত বৰ্ষত অনুষ্ঠিত হােৱা নিৰ্বাচনত ৩৮.১৩ শতাংশলৈ বৃদ্ধি কৰিবলৈ সক্ষম হােৱাটো বিজেপিৰ কম সাফল্য নহয়।

স্বাভাৱিকভাৱেই পশ্চিমবংগ জয়ৰ পাছত তৃণমূল কংগ্ৰেছে দেশৰ অন্যান্য প্রান্তত খােপনি পুতিবলৈ কেইখনমান ৰাজ্যক লক্ষ্য কৰি লৈছে। প্রথমে ত্ৰিপুৰা আৰু তাৰ পাছত গােৱা বিধানসভা নির্বাচনত শক্তিশালীভাৱে ভুমুকি মাৰিবলৈ তৃণমূল উঠি-পৰি লাগিছে। অসমৰ প্ৰাক্তন সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্রী সুস্মিতা দেৱক দলত যােগদান কৰােৱাৰ পাছৰে পৰা ত্ৰিপুৰাত বিশেষ অভিযান আৰম্ভ কৰি দিছে।

তেনেদৰেই গােৱাৰ প্রাক্তন মুখ্যমন্ত্রী লুইজিনহাে ফেলেইৰিঅ’ক দলত যােগদান কৰাই তৃণমূলে নির্বাচনী যুঁজৰ বাবে ককালত টঙালি বান্ধিছে। সেইসকল নেতাই আন আন দলৰ অসন্তুষ্ট নেতা-কর্মীসকলক দললৈ আনি তৃণমূলৰ ভেটি গঢ়িবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে।

মমতাৰ শেহতীয়া দিল্লী ভ্ৰমণৰ সময়ত বিহাৰৰ বিজেপিৰ প্ৰাক্তন সাংসদ তথা পাছত কংগ্ৰেছত যােগদান কৰা প্রাক্তন মুখ্যমন্ত্ৰীৰ পুত্র কীর্তি আজাদ, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ অতি ঘনিষ্ঠ অশােক তানৱাৰ, বিহাৰৰ প্ৰাক্তন সাংসদ তথা মুখ্যমন্ত্রী নীতিশ কুমাৰৰ উপদেষ্টা পৱন বার্মা আদি নেতাই তৃণমূলত যােগদান কৰাৰ উপৰি সাংসদ তথা বহুচর্চিত বিজেপিৰ জ্যেষ্ঠ নেতা ড°সুব্রমণিয়ম স্বামীয়ে তেওঁক সাক্ষাৎ কৰি সমর্থন প্রকাশ কৰে।

অৱশ্যে এনেদৰে বহিঃৰাজ্যৰ নেতাসকলে যােগদান কৰাৰ লগে লগে একাংশ তৃণমূল সাংসদ তথা নেতা শংকিত হােৱাও পৰিলক্ষিত হৈছে। কিয়নাে ইতিমধ্যে নৱাগত সুস্মিতা আৰু ফেলেইৰিঅ’ক ৰাজ্যসভাৰ সাংসদ পদ আগবঢ়োৱা হৈছে আৰু আন সকলকো তেনে পদ আগবঢ়াবলগীয়া হ’লে বর্তমানৰ তৃণমূল সাংসদ-নেতাসকল বঞ্চিত হ’বলগীয়া হ’ব বুলি তেওঁলােক চিন্তিত।

আন ৰাজ্যত যিহেতু এই পর্যন্ত দলৰ কোনাে ভেটি নাই, সেয়েহে নৱাগতসকলক নিয়ােজিত কৰাৰ বিনিময়ত পশ্চিমবংগৰ নেতাসকলক বলি দিবলগীয়া হৈছে। ৰাজনীতি যিহেতু এতিয়া কেৱল পােৱা-নােপােৱাৰ খেল, সেয়েহে এই প্রক্রিয়া অব্যাহত থাকিলে নিজ ৰাজ্যতে মমতা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

প্রশ্নটো হৈছে, পশ্চিমবংগৰ বাহিৰে আন ৰাজ্যত কোনাে ভিত্তি নােহােৱাকৈয়ে প্রধানমন্ত্রী মােদীৰ প্রতিদ্বন্দ্বী হ’বলৈ কুচকাৱাজ চলােৱা মমতা আৰু তেওঁৰ সমর্থকসকলৰ পৰিকল্পনা কি ? একাংশ ৰাজনৈতিক পর্যবেক্ষকৰ মতে, মমতাৰ লক্ষ্য হৈছে অহা ২০২৪ৰ লােকসভা নির্বাচনত ৪০ৰ পৰা ৫০খন আসন দখল কৰা।

তাৰ বাবে পশ্চিমবংগৰ অধিকাংশ আসনেই হস্তগত কৰাৰ পৰিকল্পনা যুগুতাই উলিয়াইছে তৃণমূলে। তাৰ উপৰি আন আন ৰাজ্যৰ পৰা এখন দুখনকৈ হ’লেও ৪০-৫০ৰ ওচৰা-ওচৰি আসন লাভ কৰিলে দিল্লীৰ মছনদ দখলৰ অংক সহজ হৈ পৰিব বুলি মমতাৰ ধাৰণা।

তাৰ বাবে কংগ্ৰেছক ৫০খন আসনৰ ভিতৰতে আবদ্ধ কৰি ৰখাৰ বিপৰীতে বিজেপিয়েও সংখ্যাগৰিষ্ঠতাৰ ওচৰ চাপিব নালাগিব। এনে পৰিস্থিতিত আঞ্চলিক দলসমূহক একত্রিত কৰাৰ লগতে বিজেপি নেতৃত্বাধীন এনডিএৰ অংশীদাৰ দলৰাে সমর্থন আদায় কৰি কংগ্ৰেছক বাহিৰৰ পৰা হ’লেও সমর্থন দিবলৈ বাধ্য কৰাৰ পৰিকল্পনা ৰচনা কৰিছে মমতাই।

এনে ৰাজনৈতিক কৌশল প্রস্তুত কৰিয়ে আন আন ৰাজ্যতাে দলৰ প্ৰসাৰত শক্তি প্রয়ােগ কৰিছে তৃণমূল নেত্রীগৰাকীয়ে। এই কথাত দ্বিমত নাই যে মমতা বেনাৰ্জী এগৰাকী কঠোৰ পৰিশ্ৰমী, যুঁজাৰু মানসিকতাৰ দৃঢ় মনৰ নেত্রী।

তৃণমূল পর্যায়ৰ পৰা তীব্র প্রত্যাহ্বান,ঘাত-প্রতিঘাতৰ সন্মুখীন হৈ তেওঁ আহি আজিৰ পৰ্যায়ত উপনীত হ’বলৈ সক্ষম হৈছে। কিন্তু ভাৰতৰ প্ৰধানমন্ত্রী পদৰ বাবে সেয়াই যথেষ্ট বুলি ক’ব নােৱাৰি। পশ্চিমবংগত বিজেপিক পৰাভূত কৰাৰ পাছত মােদী আৰু বিজেপিবিৰােধী তথা তেওঁলােকৰ কার্যকলাপত অসন্তুষ্ট হৈ পৰাসকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে মমতাই।

উপযুক্ত বিকল্প দাঙি ধৰিব নােৱাৰিলে কেৱল ক্ষোভ-অসন্তুষ্টি আৰু বিৰােধে যে মােদী অথবা বিজেপিক ওফৰাব নােৱাৰে তাৰ ব্যাখ্যা নিষ্প্রয়ােজন; কিন্তু মােদীৰ প্রতিদ্বন্দ্বী হ’বলৈ পথাৰত নমা মমতাৰ বিৰুদ্ধে অভিযােগৰ সংখ্যাও কম নহয়। এই কথা স্পষ্ট যে তেওঁৰ কার্যকলাপ ঘাইকৈ নির্বাচন জয়ৰ লক্ষ্যতেই সীমাবদ্ধ।

এই পর্যন্ত পশ্চিমবংগ অথবা দেশৰ স্বাৰ্থত বিশেষ দূৰদৃষ্টিসম্পন্ন কোনাে পদক্ষেপ গ্রহণ কৰি তেওঁ সফল হ’বলৈ সক্ষম হােৱা নাই; বৰঞ্চ তেওঁৰ কার্যকালত বিগত প্রায় এক দশকত পশ্চিমবংগত আর্থিক ঋণৰ বােজা দুগুণলৈ বৃদ্ধি পাইছে।

মূল বিষয়সমূহ সমাধানৰ প্রচেষ্টৰ পৰিৱর্তে সস্তীয়া হিতাধিকাৰীকেন্দ্রিক আঁচনিতে ধন ব্যয় কৰি আহিছে, যাতে নির্বাচনত জয়লাভ কৰা উজু হৈ পৰে। অৱশ্যে বিগত কিছুকালত কেন্দ্র অথবা ৰাজ্যসমূহত যি দলৰেই চৰকাৰ নহওক, প্রত্যেকে ৰাজকোষৰ ধন ব্যয়ৰে বিভিন্ন হিতাধিকাৰী আঁচনিৰ জৰিয়তে পৰৱর্তী নির্বাচনৰ বাবে ভােট ক্রয়ৰ কৌশল অৱলম্বন কৰি আহিছে।

ফলস্বৰূপে ৰাজ্যৰ নিজা ৰাজহ বৃদ্ধি অথবা নিবনুৱা সমস্যা সমাধান আদিৰ দৰে গুৰুত্বপূর্ণ বিষয়সমূহ এলাগী হৈ পৰিছে। অসমাে ইয়াৰ ব্যতিক্রম নহয়। তদুপৰি ৰেলমন্ত্ৰীৰূপে কেন্দ্ৰত কার্যনির্বাহ কৰাৰ সময়তাে মমতাৰ পাৰদৰ্শিতা উন্নত বুলি ক’ব নােৱাৰি।

বৰঞ্চ তেওঁৰ অধিকাংশ আঁচনি পশ্চিমবংগকেন্দ্রিক হােৱা হেতুকে দেশজুৰি অসন্তুষ্টিৰ সৃষ্টি হৈছিল। পশ্চিমবংগৰ ভােটাৰৰ মন জয়ৰ বাবেই যে তেওঁ এনে পদক্ষেপ গ্রহণ কৰিছিল তাৰ উল্লেখ নিষ্প্রয়ােজন। লক্ষ্যণীয়ভাৱে বিজেপিৰ বিৰুদ্ধে সততে অভিযােগত সৰৱ হ’লেও মমতাই নিজেও সমালােচনা অথবা বিৰােধক সহ্য কৰিব নােৱাৰে।

শেহতীয়া সময়ছােৱাত সমগ্র পশ্চিমবংগজুৰি বিজেপি নেতা-কর্মীৰ ওপৰত তৃণমূলে যি অত্যাচাৰ চলাই আহিছে সেয়া ইতিমধ্যে প্রকাশ পাইছে। বিধানসভা নির্বাচনৰ আগে-পিছে প্রায় দুশ বিজেপি নেতা-কর্মীয়ে হিংসাৰ বলি হৈ প্রাণ হেৰুৱাবলগীয়া হৈছে। গৃহহীন হ’বলগীয়া হৈছে বহু হেজাৰ।

তাৰ পূর্বে চিপিএমৰ কৰ্মীসকলৰ ওপৰতাে একেই উৎপীড়ন চলােৱা হৈছিল। পৰৱৰ্তী পৰ্যায়ত কংগ্ৰেছক উৎখাতৰ লক্ষ্যৰে এই দলৰ বহু গুৰুত্বপূর্ণ নেতাক তৃণমূলত চামিল কৰা হয়। অকল সেয়া নহয়, দল আৰু চৰকাৰত মমতাই একচ্ছত্রী শাসন চলাই অহাটো গােপন হৈ থকা নাই।

এনে কর্তৃত্বৰ বাবেই তৃণমূলত আন বহু জ্যেষ্ঠ আৰু প্ৰভাৱশালী নেতাক চেৰাই মমতাৰ ভতিজাক অভিষেক বেনাৰ্জীয়ে দলত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সুযােগ লাভ কৰিছে। অভিষেকৰ নেতৃত্বত বিগত কালছােৱাত ব্যাপক দুর্নীতি সংঘটিত হােৱাৰ অভিযােগ উত্থাপিত হৈ আহিছে আৰু সেই সম্পর্কত একাধিক গােচৰৰ তদন্ত কেন্দ্রীয় বাহিনীৰ দ্বাৰা অব্যাহত আছে।

মমতাৰ এক বৃহৎ সংখ্যক মন্ত্রী তথা গুৰুত্বপূর্ণ দলীয় নেতাও দুর্নীতিত আকণ্ঠ নিমজ্জিত। ভােটৰ স্বাৰ্থত দৃষ্টিকটুভাৱে মুছলমান তােষণ কৰি তেৱেঁই পশ্চিমবংগত বিজেপিৰ উত্থানৰ বাট মুকলি কৰি দিয়াৰ কথা মমতাৰ সমর্থকসকলেও অস্বীকাৰ কৰিব নােৱাৰে।

বিগত শাসন কালছােৱাত মমতাৰ নেতৃত্বত পশ্চিমবংগত অৰাজকতাৰ সৃষ্টি হােৱা বুলিও বিভিন্ন সময়ত অভিযােগ উত্থাপিত হৈ আহিছে। এনে পৰিপ্ৰেক্ষিতত তেওঁৰ গ্রহণযােগ্যতা ৰাষ্ট্ৰীয় প্রেক্ষাপটত সহজে গঢ় লৈ উঠিব বুলি আশা কৰিব নােৱাৰি; বৰঞ্চ মমতাৰ এনে অভিযানে বিৰােধী ঐক্যৰ সম্ভাৱনাও হ্রাসহে কৰিব বুলি আশংকাৰ সৃষ্টি হৈছে।

এই কথাত সন্দেহ নাই যে কংগ্ৰেছে উপযুক্তভাৱে নেতৃত্ব প্রদানত সক্ষম হােৱা নাই বাবেই বিৰােধী দলসমূহৰ মাজত আত্মবিশ্বাসৰ অভাৱ ঘটিছে। কংগ্ৰেছক লগত ৰাখিলেও বিৰােধীৰ নেতৃত্ব এই দলক এৰি দিবলৈ অধিকাংশ দলেই আশ্বস্ত হ’ব পৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mamata BanerjeeNarendra Modipranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d