উলনিত কম্বাইন হার্ভেষ্টাৰৰ চালকৰ আসনত কৃষি মন্ত্রী অতুল বৰা

বােকাখাত মহকুমাৰ বৰপাক গাঁৱৰ পথাৰত ইন্ধনচালিত কঠীয়া ৰােৱা যন্ত্ৰৰে শালি ধানৰ কঠীয়া ৰুই ৰিপাৰেৰে সেই ধান চপােৱাৰ পাছত আজি কামৰূপ জিলাৰ উলনিত মিনি কম্বাইন হার্ভেষ্টাৰৰ চালকৰ আসনত বহি শালি ধান চপালে কৃষি মন্ত্রী অতুল বৰাই।

একেলগে একেটা সময়তে ধান কাটি, মৰণা মাৰি, জাৰি-চালি পৰিস্কাৰ গুটি ধান উলিয়াই দিয়া মিনি কম্বাইন হার্ভেষ্টাৰেৰে উলনিৰ কৃষকৰ পথাৰত এই কাম নিজে সম্পন্ন কৰি সাংবাদিকৰ আগত কৃষি মন্ত্রী বৰাই কয় যে, ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে কৃষি যান্ত্রিকীকৰণৰ ওপৰত সর্বাধিক গুৰুত্ব আৰােপ কৰিছে।

মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন বােজনাৰ অধীনত প্ৰতিটো বিধান সভা সমষ্টিত ৮০ শতাংশ ৰাজসাহায্যৰ জৰিয়তে একোটা কৃষক গােটলৈ একোখন কম্বাইন হার্ভেষ্টাৰ প্ৰদানৰ আঁচনি গ্ৰহণ কৰা হৈছে।

কৃষি যান্ত্রিকীকৰণৰ এই অভিলাষী আঁচনিখনৰ ফলত কম সময়তে ধান চপাই খেতিৰ মাটিডৰা মুকলি কৰিব পৰাৰ ফলত কৃষকৰ মাজত বছৰত দুটা বা ততােধিক খেতি কৰাৰ প্রৱণতা বৃদ্ধি পাব।

ইয়াৰ উপৰি মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনাৰ অধীনত প্ৰতিখন গাঁও পঞ্চায়তৰ একোজন নির্বাচিত হিতাধিকাৰীলৈ ৩০ শতাংশ ৰাজসাহায্যৰে ক্ষুদ্র ধান বনা কল আৰু পথাৰৰ শস্য বজাৰলৈ কঢ়িয়াবলৈ এহেজাৰখন মিনি ট্রাক বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলিও কৃষি মন্ত্রী বৰাই উল্লেখ কৰে।

এই ব্যৱস্থাসমূহৰ ফলত কৃষকৰ মাজত ব্যৱসায়িক প্রৱণতা বৃদ্ধি পাব বুলি মন্ত্রী বৰাই কয়। উল্লেখযােগ্য যে, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগে ৰূপায়ণ কৰি থকা মিশ্যন অর্গেনিক ভেন্যু চেইন নামৰ আঁচনিখনৰ অধীনত তেতেলিয়া এগ্রো অর্গেনিক প্রডিউচাৰ কোম্পানী নামৰ কৃষক উৎপাদক কোম্পানীটোৱে ১০ লাখ টকা ৰাজসাহায্যৰে এই মিনি কম্বাইন হার্ভেষ্টাৰখন লাভ কৰিছিল।

ইয়াৰ আগেয়ে তেতেলিয়াৰ এই কৃষক উৎপাদক কোম্পানীটোৰ উদ্যোগত আয়ােজিত এখন সভাত অংশ গ্রহণ কৰি মন্ত্ৰী বৰাই কৃষক উৎপাদক কোম্পানীসমূহক কৃষি-অর্থনৈতিক বিপ্লৱৰ সহযােগী হ’বলৈ আহ্বান জনাই কয় যে, ৰাজ্যখনৰ শিক্ষিত যুৱক-যুৱতীয়ে কৃষিক বৃত্তি হিচাপে গ্ৰহণ কৰিবলৈ আজি আগবাঢ়ি আহিছে।

এয়া আমাৰ সমাজখনৰ বাবে এক শুভ সংবাদ। বিগত সময়চোৱাত মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যােজনাৰ অধীনত ৰাজ্যখনৰ নির্বাচিত কৃষক গােটৰ মাজত ১৬ হাজাৰতকৈও অধিক ট্ৰেক্টৰ বিতৰণ কৰাৰ উপৰি ৩০ হাজাৰতকৈও অধিক পাৱাৰ টিলাৰ কৃষকৰ মাজত বিতৰণ কৰা হৈছে।

কৃষকৰ পৰা নিম্নতম সমর্থন মূল্যত ধান ক্রয় কৰাৰ বাবে ৰাজ্য চৰকাৰে ২০০ কোটি টকা ধার্য কৰিছে। ভাৰতীয় খাদ্য নিগম, অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদকে ধৰি মুঠ ছয়টা সংস্থাৰ জৰিয়তে কৃষকৰ পৰা নিম্নতম সমর্থন মূল্যত ধান ক্রয় কৰা হ’ব বুলি মন্ত্রী বৰাই তেওঁৰ ভাষণত উল্লেখ কৰে।

আনহাতে এপার্ট আঁচনিৰ অধীনত উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে ১৪ খন চাৰিচকীয়া বাহন ৬.৫ লাখ টকা ৰেহাই মূল্যত আগবঢ়োৱা হ’ব বুলিও মন্ত্রী বৰাই তেওঁৰ ভাষণত প্ৰকাশ কৰে। অনুষ্ঠানত কৃষি মন্ত্রীগৰাকীৰ স’তে উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালক ত্ৰিৰংগ ভাৰতী বৰা, তেতেলিয়া এগ্রো অর্গেনিক প্রডিউচাৰ কোম্পানীৰ উপদেষ্টা সঞ্জয় চাংকাকতী, কোম্পানীটোৰ সঞ্চালক মণ্ডলীৰ সদস্যসকল আৰু কৃষি বিভাগৰ বিভিন্ন বিষয়া উপস্থিত থাকে।

Exit mobile version