অষ্ট্রেলিয়াত সম্প্রতি এটা ছাগলীয়ে বিশেষ চর্চা লাভ কৰিছে। মৰাকেশ নামৰ এই ছাগলীটো অলপতে ২১,০০০ ডলাৰ অর্থাৎ প্রায় ১৫.৬ লাখ টকাত বিক্রী হ’ল।
প্রকাশিত বাতৰি অনুসৰি এইটোৱে হৈছে বিশ্বৰ সবাতােকৈ অধিক মূল্য বিক্ৰী হােৱা ছাগলী। এই ছাগলীটো ক্ৰয় কৰা এন্ট্রির্ড-মশ্লীয়ে কয় যে মৰাকেশ ইমান ধুনীয়া ছাগলী যে ইমান বৃহৎ পৰিমাণৰ মূল্যত কিনিবলৈ ই তেওঁ ইচ্ছা প্রকাশ কৰিলে।
যােৱা ২৪ নৱেম্বৰত পশ্চিম নিউ ছাউথ ৱেলছৰ ক’বাৰত ছাগলীৰ এক নিলাম অনুষ্ঠিত হৈছিল। এই নিলামত আন ছাগলীৰ লগতে মৰাকেশকো নিলামৰ বাবে আগবঢ়োৱা হৈছিল।
মৰাকেশক এজন ক্রেতাই জয় কৰিবলৈ এই নিলামতে ১৫.৬ লাখ টকা আগবঢ়ালে। ইয়াৰ পূর্বে যােৱা মাহত এই একেটা স্থানতে হােৱা আন এক নিলামত ব্ৰক নামৰ এটা ছাগলী ১২,০০০ ডলাৰত বিক্ৰী হৈছিল।
এই ছাগলীটোও ক্ৰয় কৰিছিল মৰাকেশৰ ক্রেতা মশ্লীয়ে। ছাগলী পালন কৰি ভালপােৱা মশ্লীৰ সগ্ৰহত বিভিন্ন প্রজাতিৰ বিশ্বৰ দুর্লভ ছাগলী আছে।
যােৱা বছৰতত মশ্লীয়ে আন এটা দামী ছাগলী ৯,০০০ ডলাৰত ক্ৰয় কৰিছিল। ছাগলীৰ লগতে মশ্লীয়ে ভেড়াও পালন কৰি আহিছে। অশ্লীয়ে প্ৰকাশ কৰা মতে, মৰাকেশৰ দৰে ছাগলীৰ মূল্য ইমান অধিক হােৱাৰ কাৰণটো হৈছে ই অতি দুর্লভ প্রজাতিৰ ছাগলী।
মৰাকেথৰ প্রতিপালন কুইন্সলেণ্ডৰ সীমান্তৰ গুড়মাৰ ৰংগলেড় ৰেড ষ্টেডত হৈছিল আৰু নিলামত এই প্রজাতিৰ মুঠ ১৭ টা ছাগলী ৰখা হৈছিল। এই প্রজাতিৰ ছাগলীৰ দেহ যথেষ্ট ডাঙৰ হয়।
অৱশ্যে মীয়ে জনােৱা মতে কেৱল শৰীৰ ডাঙৰ হােৱা হেতুকে এই প্রজাতিৰ ছাগলীক উন্নত বুলি গণ্য কৰা নহয়, এনে ছাগলীক অতি যতনৰে ডাঙৰ কৰা হয়।
অশ্লীয়ে কয় যে তেওঁ ইমান অধিক মূল্যত মৰাকে ক্ৰয় কৰাৰ মূল কাৰণটো হৈছে এই প্রজাতিৰ ছাগলীৰ প্ৰজনন ক্ষমতা সর্বাধিক হয়। ছাগলীৰ ব্যৱসায়ৰ স’তে দীর্ঘদিন ধৰি জড়িত মশ্লীয়ে লগতে কয় যে ভালদৰে প্রতিপালন কৰিলে।
তেওঁ এবছৰতে মৰাকেশক ক্ৰয় কৰা মূল্যতকৈ পাঁচ গুণ অধিক ধন উপার্জন কৰিবলৈ সক্ষম হ’ব। অষ্ট্রেলিয়াৰ পশ্চিম নিউ ছাউথ ৱেলছৰ এই অঞ্চলটো ভেড়া আৰু ছাগলী পালনৰ বাবে বিশ্বখ্যাত আৰু মশ্লীয়ে এই অঞ্চলতে তেওঁৰ ছাগলীৰ পাম স্থাপন কৰিছে।