মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী তথা বাগসাৰ শালবাৰীৰ বাঁহবাৰীৰ নাৰায়ণগুৰিত আজি এটা ভালুকৰ পোৱালি উদ্ধাৰ হয় । উদ্ধাৰ হোৱা ভালুকৰ পোৱালিটো প্ৰায় ছমহীয়া হ’ব বুলি বনবিভাগে জানিবলৈ দিয়ে৷ উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বহুকেইখন গাঁৱত বহুদিন ধৰি ভালুকে মুক্ত বিচৰণ কৰাত আতংকৰ সৃষ্টি হয়।
যোৱা ২৬ নৱেম্বৰতো শালবাৰীৰ কালপানীত মানাহৰ পৰা ওলাই অহা প্ৰকাণ্ড এটা ভালুকক ৰাইজ আৰু বনকৰ্মীয়ে ধৰি মানাহৰ ঘন জংঘলৰ মাজত মুকলি কৰি দিয়ে৷
এসপ্তাহ পাৰ নৌহওঁতেই আজি পুনৰ আন এটা ভালুকৰ পোৱালি জনাঞ্চললৈ ওলাই অহাৰ পাছত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়।ইয়াৰ পাছতে ৰাইজৰ সহযোগত বন কৰ্মীয়ে নাৰায়ণগুৰি অঞ্চলত ভালুকটো ধৰিবলৈ সক্ষম হয়৷
পৰৱৰ্তী সময়ত মানাহৰ বাঁহবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্মৰ নেতৃত্বত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘন জংঘলৰ মাজত ভালুক পোৱালিটোক মুকলি কৰি দিবলৈ যায় যদিও ভালুকটোৰ কিছু অসুস্থ অৱস্থা দেখি বন বিভাগে পুনৰ বন কাৰ্য্যলয়লৈ ঘুৰাই আনি চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ হোৱাত ভালুক পোৱালিটোক পাছলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মৰা জ্ঞাতি অঞ্চলত মুকলি কৰি দিয়া হয়৷
উল্লেখযোগ্য যে বৰ্তমানো বহু ঠাইত ভালুকে মুক্ত বিচৰণ কৰি থকা হেতু বন বিভাগৰ ফালৰপৰা ৰাইজক সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে বন বিষয়া বাবুল ব্ৰহ্মই৷