Earthquake : পেৰুৰ কম্পনত ভাঙিল ৭৫টা বাসগৃহ

84m2317g peru earthquake

ভূমিকম্পৰ ফলত পেৰুত ভাঙি পৰিল প্ৰায় ৭৫টা গৃহ । কালি পুৱাৰ এই ঘটনাত আহতৰ সংখ্যা ১০ জন অতিক্ৰম কৰিছে । ৰিখটাৰ স্কেলত কম্পনৰ তীব্ৰতা আছিল ৭.৫ । অৱশ্যে, এই পর্যন্ত কোনো মৃত্যুৰ খবৰ অহা নাই প্রশাসনৰ হাতত । এই ঘটনাই সমগ্ৰ দেশতে আতংকৰ সৃষ্টি কৰিছে । যুটীয়া ভূমিকম্প‌ই পেৰুসহ চুবুৰীয়া দেশ ইকুয়েডৰকো জোকাৰি গৈছে ।

পেৰুত স্থানীয় সময় অনুযায়ী পুৱা পাঁচ বাজি ৫২ মিনিটত এই কম্পন অনুভূত হয় বুলি জনাইছে আমেৰিকান ভূতাত্ত্বিক সর্বেক্ষণে । ভূমিকম্পৰ অভিকেন্দ্র আছিল উপকূলৱর্তী চহৰ বাৰানকাৰ ৪২ কিলোমিটাৰ উত্তৰ-পশ্চিমত । অৱশ্যে এই অঞ্চলটোত স্থানীয় উপজাতিৰ বাহিৰে অন্য লোকৰ বসতি কম । সেয়ে সেই ঠাইত ক্ষয়-ক্ষতি তুলনাত কম । কম্পন অনুভূত হৈছে ৰাজধানী লিমাসহ দেশৰ প্রায় অর্ধেক অঞ্চলতেই । ভাঙি পৰিছে প্রায় ৭৫টা গৃহ । ক্ষতিগ্রস্ত গৃহসমূহ অধিকাংশই কাঠৰ বুলি জনাইছে কিছুসংখ্যক প্রশাসনিক বিষয়াই ।

ভূমিকম্পৰ ফলত লা জালকা জিলাত ৪৫ ফুট উচ্চতাৰ শতাব্দী প্রাচীন গৰকা এখন গির্জা ভাঙি পৰে । ইয়াৰ উপৰি, বিদ্যুৎ বিভ্রাট দেখা দিয়াত অন্ধকাৰত বুৰ যায় দেশৰ বিস্তীর্ণ অঞ্চল । ভূমিকম্পৰ ফলত শিল খহি বহু ব্যস্ত পথো আবদ্ধ হৈ পৰে । ফলত যানবাহন চলাচল ব্যহত হয় ।

দুর্গতসকলৰ প্রতি সমবেদনা জনাই পেৰুৰ ৰাষ্ট্ৰপতি পেড্রো কাষ্টিলোৰ টুইট, ‘‘লগত আছো, ভাতৃসকল আপোনালোক কোনো অকলশৰীয়া নহয় ।’’ লগতে তেওঁ জনায়, পৰিস্থিতি নিয়ন্ত্রণ আৰু দুর্গতসকলৰ সাহায্যৰ স’তে জড়িত সকলো বিভাগকেই তৎক্ষণাৎ পদক্ষেপ গ্ৰহণ কৰাৰ নির্দেশ দিয়া হৈছে ।

অৱশ্যে যুটীয়া কম্পন অনুভূত হয় যদিও ছুনামিৰ শংকা নাই বুলি জনাইছে আমেৰিকান ভূতাত্ত্বিক সর্বেক্ষণে । উল্লেখ্য, ৭.৫ তীব্ৰতাৰ এই ভূমিকম্পৰ কিছু ঘণ্টা আগতেই কম্পন অনুভূত হয় ৰাজধানী লিমাত । ৰিখটাৰ স্কেত ইয়াৰ তীব্ৰতা আছিল ৫.২ । অৱশ্যে এই ঘটনাত কোনো আহত হোৱা নাই বুলি জনাইছে প্রশাসনে । পেৰুত বছৰত গড়ে ৪০০টাকৈ ভূমিকম্প হয় । প্রশান্ত মহাসাগৰীয় এলাকাৰ ‘ৰিং অৱ ফায়াৰ’ৰ ভিতৰত পৰাৰ বাবেই পেৰুত ভূমিকম্পৰ প্রৱণতা অধিক ।

Exit mobile version