জাপানত কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰনত আক্ৰান্ত প্ৰথমজন ৰোগীক চিনাক্ত কৰা হ’ল । কালি নামিবিয়াৰ পৰা টকিঅ’লৈ অহা ৩০ বছৰীয়া এজন যুৱকৰ শৰীৰত ক’ক’ভিডৰ এই নতুন প্ৰজাতিৰ সংক্ৰমণ ধৰা পৰিল ।
ADVERTISEMENT
সূত্ৰৰ বাতৰি অনুসৰি, নামিবিয়াৰ পৰা অহা এজন যুৱকক টকিঅ’ৰ নাৰিতা বিমানকোঠত ক’ভিড পৰীক্ষণ কৰা হৈছিল আৰু ইয়াৰ পাছতে যুৱকজনৰ শৰীৰত অ’মিক্ৰনৰ সংক্ৰমণৰ তথ্য লাভ কৰা হয় ।
সম্প্ৰতি আক্ৰান্ত যুৱকজনক পৃথকে ৰখাই হৈছে । দক্ষিণ আফ্ৰিকাত প্ৰথম সংক্ৰমণ ধৰা পৰা অ’মিক্ৰনৰ দ্বাৰা জাপানো প্ৰভাৱিত হ’ল । এতিয়ালৈকে ক’ভিডৰ এই নতুন প্ৰজাতিৰ সংক্ৰমণ বিশ্বৰ ১৬ খন দেশলৈ বিয়পিল ।