বাগসাৰ ককলাবাৰী সমষ্টিৰ কে’বাটাও পৰিয়ালত গৈ ভেকচিনেচন কাৰ্যসূচীত অংশগ্রহণ মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মৰ

বাগসা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অঞ্চলী ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই উপস্থিত হৈ ক’ভিড টিকাকৰণৰ বিষয়ে বুজ লয়।

পাছত মন্ত্রী ব্ৰহ্মই বাদুপাৰা গাঁৱৰ কেবাটাও পৰিয়ালত গৈ ক’ভিড টিকাকৰণৰ কাৰ্যসূচীত অংশগ্রহণ কৰি টিকা নোলোৱা লোকসকলক টিকাকৰণৰ প্ৰয়োজনীয়তাৰ সম্পর্কে বুজনি দিয়ে।

একেদৰে কুজিদেওঁৰ গাঁৱতো ঘৰে ঘৰে প্ৰদান কৰা টিকাকৰণৰ কাৰ্যসূচীত অংশগ্রহণ কৰে। এই কাৰ্যসূচীত অংশগ্রহণ কৰি মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয়, “সমগ্র ভাৰত বৰ্ষতেই কৰ’না মুক্ত কৰা এক অভিযান চলিছে। যি সকলে ভেকচিন লোৱা নাই সেই সকলক ভেকচিন লোৱাৰ বাবে বুজনি দিয়াৰ হেতুকে মন্ত্রী সকলক ঘৰে ঘৰে গৈ বুজাবলৈ পঠিয়াইছে। বাগসা জিলা হিচাপে কৰ’না ভেকচিন নোলোৱাৰ সংখ্যা অতি কম। অহা কালিলৈ ইয়াৰ সংখ্যা আৰু কমি পাঁচ বা ছয় হাজাৰলৈ কমি যাব। কৰ’না ভেকচিন লোৱাৰ পাছতো সন্তান সম্ভবা মাতৃ সকলৰ কোনো অসুবিধা নহয়। ভেকচিন প্ৰদানটো ভাৰত বৰ্ষৰ এটা পলিচি হৈ গ’ল৷ সেয়ে ভেকচিন নোলোৱাকৈ কোনেও থাকিব নোৱাৰে। আজি নল’লেও কাইলৈ ল’বই লাগিব। কাৰণ আমাৰ লক্ষ্য হ’ল কৰ’না মুক্ত ভাৰত গঢ়া। আনহাতে কৰ’নাৰ তৃতীয় ঢৌ অহাৰ আগে আগে এই ভেকচিনেচন কাৰ্যসূচী সম্পন্ন কৰিব পাৰিলে আমাৰ ভাৰত বৰ্ষত এইটো সোমালেও আমাৰ ভয় কৰিবলগীয়া একো নাই।”

মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মৰ লগত সংগ দিয়ে জালাহ উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত চৰকাৰী প্ৰতিনিধি মন্টু বড়ো, চিকিৎসক হিৰণ্য ডেকা,হৃদয় পাঠক আৰু অবিনাশ তালুকদাৰে।

Exit mobile version