বুষ্টাৰ টিকা সন্দৰ্ভত সিদ্ধান্ত ল’ব শীঘ্ৰে : ক’ভিড টাস্ক ফ’ৰ্চৰ অধ্যক্ষ

vaccine image

ভাৰতৰ ক’ভিড টাস্ক ফ’ৰ্চৰ অধ্যক্ষ ড° এন কে অৰােৰাই ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, বিশেষ ক্ষেত্ৰত অতিৰিক্ত ক’ভিড প্রতিষেধক অর্থাৎ বুষ্টাৰ টিকা প্রদানৰ সন্দৰ্ভত এক বিস্তৃত নীতি আগন্তুক দুসপ্তাহৰ ভিতৰত তৈয়াৰ কৰা হ’ব।

টিকাকৰণ নীতিৰ নতুন ৰূপৰেখা তৈয়াৰ কৰিব ৰাষ্ট্রীয় টেকনিকেল এডভাইজৰী গ্রুপ অন ইমিউনাইজেচনে। তদুপৰি দেশৰ ৪৪ কোটি শিশুক ক’ভিড প্রতিষেধক প্ৰদানৰ সন্দৰ্ভত আলােচনা কৰিব টাস্ক ফ’র্চে।

প্রাপ্তবয়স্কসকলক দেশত বুষ্টাৰ প্ৰতিষেধক প্রদান কৰিবলৈ হলে ৯৪ কোটি আঁতিৰিক্ত প্রতিষেধক পালিৰ প্রয়ােজন হ’ব বুলি ড° অবােৰাই জানিবলৈ দিয়ে।

Exit mobile version