এপ্ৰিলৰ পাছত নৱেম্বৰত দ্বিতীয় সৰ্বাধিক জি এছ টি সংগ্ৰহ

image gst

কৰ’নাৰ সংক্ৰমণৰ মাজতো দেশৰ অৰ্থনৈতিক কাম-কাজ সঠিক দিশত অগ্ৰসৰ হৈছে । যোৱা নৱেম্বৰত ভাৰতত সামগ্ৰী আৰু সেৱাকৰ (জি এছ টি) সংগ্ৰহৰ বৃদ্ধি পাই ১.৩১ লাখ কোটিৰ অধিক হ’ল ।

এবছৰৰ পূৰ্বৰ তুলনাত দেশত নৱেম্বৰত জি এছ টি সংগ্ৰহৰ পৰিমাণ ২৫ শতাংশ বৃদ্ধি পালে । জুলাই ২০১৭ত দেশত জি এছ টি ব্যৱস্থা পৰিৱৰ্তনৰ পাছত দ্বিতীয়বাৰৰ বাবে সৰ্বাধিক পৰিমাণৰ জি এছ টি সংগ্ৰহ কৰিলে চৰকাৰে ।

ইয়াৰ পূৰ্বে ২০২১ৰ এপ্ৰিলত সৰ্বাধিক পৰিমাণৰ জি এছ টি চৰকাৰে লাভ কৰিছিল । কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে এই কথা প্ৰকাশ কৰি জনোৱা অনুসৰি, যোৱা মাহত দেশত মুঠ সংগ্ৰহ হোৱা জি এছ টিৰ পৰিমাণ আছিল ১,৩১,৫২৬ কোটি টকা । ইয়াৰে চি জি এছ টি ২৩,৯৭৮ কোটি টকা, এছ জি এছ টি ৩১,১২৭ কোটি টকা, আই জি এছ টি ৬৬,৮১৫ কোটি টকা আৰু উপকৰ ৯,৬০৬ কোটি টকা আছিল ।

Exit mobile version