বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি)-এ গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দেশৰ কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ২০২২-২৩ শৈক্ষিক বৰ্ষৰ পৰা ৰাষ্ট্ৰীয় পৰীক্ষণ প্রতিষ্ঠান (এন টি এ)ৰ জৰিয়তে কমন এনট্রেন্স টেষ্ট (চি আই টি) অনুষ্ঠিত কৰা হ’ব পাৰে।
ইউ জি চিয়ে লগতে কয় যে পি এইচ ডি পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰতাে যিমানদূৰ সম্ভৱ ‘নেট’ পৰীক্ষাৰ নম্বৰ প্রযােজ্য হ’ব। উল্লেখ্য যে ৰাষ্ট্ৰীয় শিক্ষানীতিত দেশৰ সকলােবােৰ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত এটা কেন্দ্রীয় প্রৱেশ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।
এই পৰামর্শ অনুসৰি ইউ জি চিয়ে ২০২২-২৩ শৈক্ষিক বর্ষৰ পৰা দেশৰ কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চি আই টি অনুষ্ঠিত কৰিব বিচাৰিছে। এই সন্দৰ্ভত ইতিমধ্যে আয়ােগে এখন সমিতি গঠন কৰিছে।