Mamata Banerjee : ৰাষ্ট্ৰীয় সংগীত ‘অৱমাননা’ৰ অভিযোগ মমতাৰ বিৰুদ্ধে, গোচৰ ৰুজু কৰিলে মুম্বাইৰ বিজেপি নেতাই

mamata 1056542 1638378890

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সংগীত ‘অৱমাননা’ৰ অভিযোগ উত্থাপন কৰিলে মুম্বাইৰ বিজেপি নেতাই । এই মর্মে তেওঁ তৃণমূল নেত্রীগৰাকীৰ বিৰুদ্ধে আৰক্ষীক এটা অভিযোগো দাখিল কৰিছে । সম্প্ৰতি পশ্চিমবংগৰ বিজেপি নেতৃত্বও তৃণমূল নেত্রীগৰাকীৰ বিৰুদ্ধে নামি পৰিছে । কটাক্ষ কৰিছে তৃণমূলেও । পশ্চিমবংগ তৃণমূলৰ সাধাৰণ সম্পাদক কুণাল ঘোষে ৰাষ্ট্ৰীয় সংগীত সম্পৰ্কত বিজেপি-ৰ অভিযোগ প্রসংগত বৃহস্পতিবাৰে টুইট কৰে, ‘ৰাষ্ট্ৰীয় সংগীতক লৈ মমতা বেনাৰ্জীৰ বিৰুদ্ধে ভিত্তিহীন অপপ্ৰচাৰ কৰিছে বিজেপিয়ে । মুখ্যমন্ত্রীয়ে ‘জন গণ’ গোৱা নাই । গীতৰ শব্দৰ মূলভাব বিশ্লেষণ কৰি দেশৰ ঐক্য, ঐতিহ্য, সম্প্রীতি, সংহতিৰ কথা দাঙি ধৰিছিল । বিজেপিয়ে প্রকৃত জাতীয়তাবাদ, ৰাষ্ট্ৰীয় সংগীত, ৰাষ্ট্ৰীয় সংহতি বুজি নাপায় ।’

উল্লেখ্য, মঙলবাৰে মুম্বাই ভ্ৰমণত গৈছিল মমতা । ২০২৪ ৰ লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি-বিৰোধী দলসমূহক একত্রিত কৰাৰ কাম আৰম্ভ কৰিছে । সেই লক্ষ্যৰেই মুম্বাইত শিৱসেনা আৰু এনচিপি নেতৃত্বৰ স’তে আলোচনাত মিলিত হৈছিল । তেওঁলোকৰ স’তে বৈঠকৰ পাছত এক সাংবাদিক বৈঠক আয়োজন কৰে তৃণমূল নেত্রীগৰাকীয়ে । ইয়াৰ পাছত মমতাই বিশিষ্ট ব্যক্তিসকলৰ স’তে এক বৈঠক মিলিত হয় । সেই বৈঠকতেই ৰাষ্ট্ৰীয় সংগীতক লৈ ‘বিতর্কৰ’ সূত্রপাত হয় ।

অভিযোগ, বৈঠক চলাকালীন হঠাৎ মমতাই উঠি ৰাষ্ট্ৰীয় সংগীত গোৱা আৰম্ভ কৰে । বিৰোধীসকলৰ দাবী, সম্পূৰ্ণ ৰাষ্ট্ৰীয় সংগীত নোগোৱাকৈয়ে, কেইটামান শাৰী উচ্চাৰণৰ পাছত হঠাৎ গোৱা বন্ধ কৰি ক’বলৈ আৰম্ভ কৰে, ‘জয় মহাৰাষ্ট্র’ । ইয়াতেই আপত্তি মুম্বাই আৰু পশ্চিমবংগ বিজেপি-ৰ ।

মহাৰাষ্ট্রৰ বিজেপি নেতা প্রতীক কাপৰেয়ে কটাক্ষ কৰি ক‌য়, “বৈঠকত তথাকথিত বিজ্ঞসকল উপস্থিত আছিল । তেওঁলোকৰ উপস্থিতিতেই মুখ্যমন্ত্রী মমতাই বহি থকা অৱস্থাতেই ৰাষ্ট্ৰীয় সংগীত গোৱা আৰম্ভ কৰে । তদুপৰি, হঠাৎ মাজভাগতেই ৰাষ্ট্ৰীয় সংগীত গোৱা বন্ধ কৰি দিয়ে ! এয়া ৰাষ্ট্ৰীয় সংগীতক অৱমাননা কৰা নহয় জানো ?”

আনহাতে, বিজেপি নেতা অমিত মালব্য‌ই টুইটত লিখে, ‘আমাৰ ৰাষ্ট্ৰীয় পৰিচয় ৰাষ্ট্ৰীয় সংগীত । মুখ্যমন্ত্রী মমতাই এই সংগীতক যিদৰে গাইছে, সেয়া অৱমাননাকৰ । বিৰোধীসকলে দেশপ্রেম পাহৰি গৈছে নেকি ?’

১৬ ছেকেণ্ডৰ সেই ভিডিঅ’ক হাথিয়াৰ বনাই আক্রমণ কৰিছে পশ্চিমবংগৰ বিজেপি নেতাসকলেও । বিজেপিৰ তৰফৰ পৰা টুইট কৰা হয়, ‘এগৰাকী মুখ্যমন্ত্রী হিচাপে বংগৰ সংস্কৃতি, ৰাষ্ট্ৰীয় সংগীত, দেশ আৰু গুৰুদেৱ ৰবীন্দ্রনাথ ঠাকুৰকো অপমান কৰিছে মমতা‌ই ।’ দলৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰৰ অভিযোগ, বংগৰ মুখ্যমন্ত্রীয়ে ‘জানি বুজি এই কাম কৰিছে । তেওঁ কয়, “বংগৰ মুখ্যমন্ত্রীয়ে এটা সাংবিধানিক পদত থকা সত্ত্বেও ৰাষ্ট্ৰীয় সংগীতৰ অৱমাননা কৰিছে । ৰাষ্ট্ৰীয় সংগীত কেনেদৰে গাব লাগে, সেইটো তেওঁ নাজানে নেকি, নে ইচ্ছাকৃতভাৱেই অৱমাননা কৰিছে ৰাষ্ট্ৰীয় সংগীতৰ ?”

Exit mobile version