পুনৰ সীমা সমস্যাক কেন্দ্ৰ কৰি বকোৰ সীমান্তত উত্তেজনা

920eadd4 3820 435d a7ae 70952d929e73

অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ সীমান্ত গামৰীমূৰাত পুনৰ উত্তেজনা।যোৱা ২৮ নৱেম্বৰত বকোৰ সীমান্তৱৰ্তী গামেৰীমূৰা সমীপৰ মালাং জয়পুৰ খ্ৰীষ্টানপাৰাত দুইখন ৰাজ্যৰ মন্ত্ৰীদ্বয়ে জন শুনানি লৈ যোৱাৰ পাছত বৃহত্তৰ অঞ্চলত উত্তেজনাই বিৰাজ কৰি আহিছে।

ইয়াৰ মাজতে বকোৰ গামেৰীমূৰাৰ শুকুৰবৰীয়া সাপ্তাহিক বজাৰ বেদখল কৰি মেঘালয় ৰাজ্যৰ শিলডুবিত কৰাৰ ষড়যন্ত্ৰৰে ব্যৱসায়ীৰ স’তে অসম বিদ্বেষী লোকে কৰিছিল যোগাযোগ।

শুক্ৰবাৰে গামেৰীমূৰাৰ আঞ্চলিক বজাৰ উন্নয়ন কমিতিৰ তৎপৰতাত ব্যৰ্থ মেঘালয় বিদ্বেষীৰ ষড়যন্ত্ৰ। বজাৰ উন্নয়ন কমিতিয়ে ব্যৱসায়ী সকলক দিলে বাধা ।

আনহাতে বজাৰক কেন্দ্ৰ কৰি অসমৰ সমৰ্থকক প্ৰচণ্ড মাৰপিট একাংশ মেঘালয় সমৰ্থনকাৰীৰ। অসমৰ গাতে লাগি থকা অসম বিদ্বেষীয়ে আজিৰে পৰা পতা শিলডুবি বজাৰ খনত বজাৰ কৰিবলৈ যোৱাত মাৰপিটৰ ঘটনা সংঘটিত কৰে।

অসমৰ সমৰ্থনকাৰী হৌ-হুৱাপাৰাৰ প্ৰেটিচ চাংমাই নামৰ মহিলা গৰাকী শিলডুবি বজাৰলৈ যোৱাত মেঘালয়ৰ নোপিল চাংমাই নামৰ মহিলাগৰাকীয়ে শাৰিৰীক ভাৱে প্ৰহাৰ কৰে।

আনহাতে অসম আৰক্ষীৰ স’তে বাক বিতণ্ডাত লিপ্ত হৈ আছে মেঘালয়ৰ আৰক্ষী। অসমৰ ভূমি গামেৰীমূৰা শালবাৰীত অসম আৰক্ষীয়ে অসমক সমৰ্থন কৰা অসমীয়াক পহৰা দিয়াৰ বাবে ছাউনী পাতি আছিল।

আনহাতে মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীক অসমৰ ভূমিৰ পৰাই পৰা আঁতৰি যাবলৈ বাধ্য কৰায়। সম্প্ৰতি অসম আৰক্ষী গামেৰীমূৰা মালাঙত আশ্ৰয় গ্ৰহণ কৰি আছে।

Exit mobile version