কোকৰাঝাৰ জিলাৰ একাংশ শিক্ষকৰ বি এড ডিগ্রীৰ ওপৰত সন্দেহ প্রকাশ কৰিছে একাংশ শিক্ষকে । যি সময়ত শিক্ষকতা কৰি আছিল তেনে সময়তে আন এখন বিদ্যালয়ৰ ছাত্ৰ হিচাপে থাকি কোনো ছুটি নোলোৱাকৈ কেনেকৈ বিএড ডিগ্ৰী লাভ কৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে জিলাখনৰ সচেতন মহলত ।
ADVERTISEMENT
প্ৰাপ্ত বাতৰি অনুসৰি, কোকৰাঝাৰ জিলাৰ কিছুমান শিক্ষকে নিজৰ কৰ্মস্থলীৰ পৰা কোনো ধৰণৰ ছুটী নোলোৱাকৈ বিএড ডিগ্ৰী লাভ কৰাৰ গুৰতৰ অভিযোগ উত্থাপিত হৈছে । তেনে শিক্ষক সকলক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে সচেতন মহলে । ২০১০ৰ পৰা ২০২১ৰ চলিত মাহলৈ যিসকল শিক্ষকে বি এড ডিগ্রী লাভ কৰিছিল সেই সকলক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় ।