এইবাৰ গুজৰাতত অ’মিক্রন আক্রান্তৰ সন্ধান পোৱা গ’ল । দুদিন পূৰ্বে দক্ষিণ আফ্রিকাৰ পৰা জামনগৰলৈ উভতিছিল লোকজন । বিমানবন্দৰত ক’ভিড পৰীক্ষণৰ সময়ত তেওঁৰ কৰ’না সংক্রমণ ধৰা পৰে । তাৰ পাছতেই সেই লোকজনৰ নমুনা পুনেৰ গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হয় ।
ৰাজ্যিক স্বাস্থ্য বিভাগ সূত্রে খবৰ, সেই নমুনাৰ জিনম ছিকোৱেন্সেৰ পৰা জানিব পৰা গৈছে, সেই লোকজন অ’মিক্রনত আক্রান্ত । এই পৰ্যন্ত দেশত তিনিজনৰ শৰীৰত অ’মিক্রনৰ সন্ধান পোৱা গ’ল ।
ভাৰতত অ’মিক্রনৰ প্রথম সন্ধান পোৱা গৈছিল কর্ণাটকত । এজন পুৰুষ আৰু এগৰাকী মহিলাৰ শৰীৰত এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছে । যোৱা ২০ নৱেম্বৰত দক্ষিণ আফ্রিকাৰ পৰা কর্ণাটকত উভতিছিল ৬০ বছৰীয়া পুৰুষজন । আক্রান্ত মহিলাগৰাকী স্বাস্থ্যকর্মী । অৱশ্যে তেওঁৰ কোনো ভ্রমণৰ ইতিহাস নাই বুলি চৰকাৰী সূত্রে খবৰ ।
দক্ষিণ আফ্রিকাৰ এই লোকজন অ’মিক্রন ৰূপত আক্রান্ত হোৱাৰ ৰিপ’র্ট প্রকাশ্যত অহাৰ পাছতেই সেই সময়ত বিমানৰ পৰা নমা আৰু ৫৭ জনৰ সন্ধান উলিওৱা আৰম্ভ কৰিছে কর্ণাটক চৰকাৰে । এই পৰ্যন্ত ১০ জনৰ সন্ধান পোৱা নাই । তেওঁলোকৰ ম’বাইল বন্ধ । কোনো ধৰণেই যোগাযোগ কৰিব পৰা নাই । শুকুৰবাৰে অ’মিক্রন সন্দৰ্ভত উচ্চপর্যায়ৰ বৈঠকৰ পাছত কর্ণাটকৰ গৃহমন্ত্রী আৰ অশোকে কয়, ‘‘শুকুৰবাৰৰ ভিতৰত এই ১০ জনক বিচাৰি উলিয়াই তেওঁলোকৰ ক’ভিড পৰীক্ষণ কৰিব লাগিব ।’’
শুকুৰবাৰে দিল্লীত অ’মিক্রনত আক্রান্তৰ সন্দেহত ১২ জন লোকক জয়প্রকাশ নাৰায়ণ হাস্পাতালত ভর্তি কৰা হৈছে । তেওঁলোক প্রত্যেকেই বিদেশৰ পৰা ভাৰতলৈ উভতিছে । ১২ জনৰ ভিতৰত্যে ১০ জনৰ ক’ভিড পৰীক্ষাৰ ৰিপ’র্ট পজিটিভ আহিছে, বাকী দুজনৰ শৰীৰত কৰ’নাৰ লক্ষণ দেখা গৈছে বুলি হাস্পাতাল সূত্রে খবৰ ।