ক্রিপ্টোকাৰেন্সীত বিনিয়ােগৰ বাবে নিৰ্ভৰযোগ্য আৰু নিৰাপদ এপসমূহ

cryptocurrencies

বিটকইনকে ধৰি বিভিন্ন ক্রিপ্টোকাৰেন্সীত বিনিয়ােগৰ হাৰ বর্তমানে ভাৰতৰ লগতে সমগ্র বিশ্বতে অতি দ্রুতগতিত বৃদ্ধি হৈছে।

এই বিনিয়ােগৰ মাধ্যমৰ জৰিয়তে ব্যাপক লেনদেন হৈ আছে।বিশ্বব্যাপী বিটকইন আদিৰ এনে বর্ধিত জনপ্রিয়তালৈ লক্ষ্য ৰাখিয়েই কেন্দ্রীয় চৰকাৰে এই ধৰণৰ ডিজিটেল মুদ্রা বিনিয়ােগৰ গতিবিধি নিয়ন্ত্রণ কৰিবলৈ শীঘ্রেই বৃহৎ সিদ্ধান্ত ল’বলৈ ওলাইছে।

বিটকইন আৰু অন্যান্য ক্রিপ্টোমুদ্রাত ধন বিনিয়ােগ কৰি কম সময়তে ভাল ৰিটার্ণ লাভ কৰিব পাৰি যদিও, ভাচুৱেল মুদ্রাত ধন বিনিয়ােগ কৰাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন নকৰিলে প্রতাৰিত হােৱাৰ সম্ভাৱনা থাকে।

গতিকে এই ধৰণৰ বিনিয়ােগ কৰাৰ পূর্বে বিনিয়ােগকাৰীসকলে সুৰক্ষিতভাৱে বিনিয়ােগ কৰিব পৰা এপবােৰৰ বিষয়ে ভালদৰে জানি বুজি লােৱাটো জৰুৰী। নিম্নোক্ত এপবােৰৰ জৰিয়তে, আপুনি সহজে আৰু সুৰক্ষিতভাৱে ক্রিপ্টোকাৰেন্সী ক্রয় বা বিক্রী কৰিব পাৰে..

কইনডিচিএক্স
(CoinDCX)

সাম্প্রতিক সময়ত কইনডিচিএক্স হৈছে জনপ্রিয়তাৰ দিশেৰে যথেষ্ট দ্রুতগতিত বিস্তাৰিত হােৱা এক ক্রিপ্টোকাৰেন্সী লেনদেনকাৰী এপ। এই এপটোৰ জৰিয়তে ক্রিপ্টো ট্রেডিঙত সচৰাচৰ সন্মুখীন হ’বলগীয়া সমস্যাসমূহৰ সন্মুখীন হ’ব নালাগিব। ইয়াত
বিনিয়ােগকাৰীয়ে নিজৰ কেৱাইছি তথ্যসমূহ দাখিল কৰাৰ পাছত অধিক ধন বিনিয়ােগ কৰিব পাৰে। উল্লেখ্য যে লেপটপ বা পিচিত ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ এটা ৱেব সংস্কৰণাে আছে।

ৱাজিৰ এক্স (WazirX)

ৱাজিএক্স হৈছে এটা ক্রিপ্টোকাৰেন্সী বিনিময়কাৰী জনপ্রিয় এপ্ । এই এপটোৱে এণ্ডইড আৰু আইঅ’এছ
দুয়ােটাতে কাম কৰে। ইয়াৰ উপৰি, ইয়াক উইণ্ডোজ বা মেক এপতাে ব্যৱহাৰ কৰিব পৰা যায়।

ইউনােকইন (Unocoin)

ইউনােকইন হৈছে আন এক উৎকৃষ্ট ক্রিপ্টো এক্সচেঞ্জ এপ্। ইয়াৰ ইউজাৰ ইণ্টাৰফেচ যথেষ্ট সৰল হােৱাৰ লগতে এপটোত আনবােৰ এপৰ তুলনাত বিভিন্ন ক্রিপ্টোকাৰেন্সী উপলব্ধ হয়। বিনিয়ােগকাৰীসকলে এই এপ্ ইনষ্টল কৰাৰ পাছত প্রথমে নিজৰ এটা একাউন্ট এটা খুলিব লাগিব আৰু কেৱাইচি দাখিল কৰিব লাগিব। ইয়াৰ পৰৱর্তী পর্যায়ত অট’ চিডিউল বা স্বয়ং অনুসূচী বিকল্পসমূহ নিজৰ সুবিধা অনুযায়ী ইয়াত ছেট কৰিব পাৰি, যাৰ জৰিয়তে বিনিয়ােগকাৰীয়ে নিজৰ
নির্ধাৰিত সময় অনুসৰি মুদ্ৰাৰ ট্রেডিং কৰিব পাৰে।

কইনচুইচ কুবেৰ (CoinSwitch kuber)

কইনচুইচ কুবেৰ হৈছে ডিজিটেল মুদ্রা লেনদেনকাৰীসকলৰ মাজত খুব কম সময়তে প্রসিদ্ধি লাভ কৰা এক ভাৰতীয় প্লেটফর্ম। ইয়াৰ দ্বাৰা যিকোনাে ব্যক্তিয়ে সহজে ক্রিপ্টো ট্রেডিং কৰিব পাৰে। এই এপটো ব্যৱহাৰ কৰিবলৈ, কেৱাইচি প্রক্রিয়াটো সম্পূর্ণ কৰিব লাগিব। এই এপটো নতুন ব্যৱহাৰকাৰীসকলৰ বাবেও যথেষ্ট অনুকূল। সর্বশেষত ক’ব লাগিব, অনলাইন বিনিয়ােগৰ বজাৰখনত বিপদাশংকা তুলনামূলকভাৱে বহুত বেছি। সেয়েহে বিনিয়ােগ কৰাৰ আগতে বিনিয়ােগকাৰীয়ে সকলাে চৰ্তাৱলী আৰু নিয়মাৱলী ভালদৰে চালি-জাৰি চাব লাগে। অন্যথা অনলাইন বজাৰৰ হেকাৰৰ প্ৰতাৰণাৰ ফাণ্ডত পৰি সকলাে হেৰুৱাব লগা হ’ব পাৰে।

Exit mobile version