ইয়াৰ সংক্ৰমণৰ ক্ষমতা কিমান তীব্রতৰ সেইয়া ইতিমধ্যে কৰ’না ভাইৰাছৰ অ’মিক্ৰনৰ পৰা জানিব পৰা গৈছে।
এসপ্তাহৰ ভিতৰতে বিশ্বৰ কমেও ৩৮ খন দেশলৈ বিয়পি পৰিছে এই নতুন ষ্ট্ৰেন । কিন্তু এটা খবৰে সকাহ দিছে যে বৰ্তমানলৈকে অ’মিক্ৰনত আক্রান্ত কোনো লোকৰ মৃত্যু হোৱা নাই ।
বিশ্ব স্বাস্থ্য সংস্থা(হু)ৰ বিষয়া মাইকেল ৰিয়ানে অৱশ্যে জনাইছে, এতিয়া এই সংক্ৰমণৰ ক্ষমতাক লৈ কোনো মত প্ৰকাশৰ সময় হোৱা নাই । কিন্তু যিধৰণে এই ষ্ট্রেন বিয়পি পৰিছে ইয়াক লৈ সতৰ্ক হ’ব লাগে ।
আমেৰিকা আৰু অষ্ট্ৰেলিয়াত দুদিন পূৰ্বেই প্ৰৱেশ কৰিছিল অ’মিক্ৰনে । তথ্য অনুসৰি আজি ষ্ট্ৰেনটোৰ স্থানীয় সংক্ৰমণো আৰম্ভ হৈছে ।
অৰ্থাৎ, এনে কিছুমানলোক সংক্ৰমিত হৈছে, যিয়ে সম্প্ৰতি বিদেশ ভ্ৰমণ কৰা নাই । স্থানীয় অঞ্চলতো আক্ৰান্ত হৈছে ।
দক্ষিণ আফ্ৰিকাই জনাইছে, এই ষ্ট্ৰেনৰ বাবে দ্বিতীয়-তৃতীয়বাৰৰ বাবে ক’ভিডত সংক্ৰমিত হৈছে বহুতে । শিশুৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক । পাঁচ বছৰৰ তলৰ শিশু সংক্ৰমিত হোৱা আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ ঘটনা বৃদ্ধি পাইছে ।