কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন কৰিছে শিক্ষিত যুৱক ৰাকিবুল মণ্ডলে, মন আদৰ্শৱান কৃষক হোৱাৰ

কৃষিকৰ্মৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে বাগসা জিলাৰ সীমান্তৱৰ্তী বৰপেটা জিলাৰ দোমনী গাঁৱৰ এজন শিক্ষিত যুৱকে ৷ বৰপেটা ৰোডস্থিত গণেশ লাল চৌধুৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী শিক্ষিত যুৱকজন হ’ল দোমনী গাঁৱৰ আব্দুল হামিদ মণ্ডলৰ পুত্ৰ ৰাকিবুল মণ্ডল ৷ ৰাকিবুলে কে’বাবিঘা মাটিত বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰি অঞ্চলটোত এগৰাকী আদৰ্শৱান যুৱ কৃষক হৈ পৰিছে ৷

২০২০ বৰ্ষত কলেজীয়া শিক্ষা সাং কৰি চৰকাৰী চাকৰিৰ সন্ধান কৰিছিল যদিও সফল নোহোৱাত কৃষিকৰ্মকে জীৱিকাৰ সম্বল হিচাপে বাচি লৈছে যুৱ কৃষকগৰাকীয়ে ৷‌ নিজৰ কৃষিভূমিত জলকীয়া, কোমোৰা, ফুলকবি, স্কোৱাচ, বন্ধাকবি ইত্যাদি পাচলিৰ খেতি কৰি ইতিমধ্যে যথেষ্ট লাভান্বিত হৈছে যুৱ কৃষকগৰাকী ৷ ইয়াৰ উপৰি কৃষিকৰ্মৰ সমান্তৰালকৈ গো-ধন পোহপাল দি প্ৰতিদিনে প্ৰায় ১৫ লিটাৰকৈ গাখীৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে ৰাকিবুলে ৷

ইতিমধ্যে উঠি অহা প্ৰজন্মৰ বাবে আদৰ্শত পৰিণত হোৱা ৰাকিবুলে চাকৰিৰ সন্ধানত সফল নোহোৱা যুৱ প্ৰজন্মক অবাবত সময় নষ্ট নকৰি হাতে-কামে লাগি স্বাৱলম্বী হ’বলৈ আহ্বান জনাইছে । লগতে ৰাকিবুলে ভৱিষ্যতে এগৰাকী আদৰ্শৱান কৃষক হিচাপে নিজকে গঢ়ি তুলিবলৈ পণ মেলিছে বুলিও জানিবলৈ দিছে ।

Exit mobile version