তামিলনাডুৰ কুন্নুৰত দুর্ঘটনাগ্ৰস্ত সেনাৰ হেলিকপ্টাৰ । প্রাথমিকভাৱে অৰণ্যৰ মাজত হেলিকপ্টাৰ ভাঙি পৰা বুলি জানিব পৰা গৈছে । হেলিকপ্টাৰত বহুকেইজন বায়ুসেনা আছিল । দুর্গম পাহাৰীয়া অঞ্চলত দুর্ঘটনা সংঘটিত হোৱাত আহত সেনাসকলক উদ্ধাৰ কৰা হয় । তেওঁলোকক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে ।
An IAF Mi-17V5 helicopter, with CDS Gen Bipin Rawat on board, met with an accident today near Coonoor, Tamil Nadu.
An Inquiry has been ordered to ascertain the cause of the accident.— Indian Air Force (@IAF_MCC) December 8, 2021
তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত আছিল সেনাৰ প্ৰধান বিপিন ৰাৱত তথা তেওঁৰ পৰিয়ালৰ একাংশ সদস্য । তথ্য অনুসৰি, হেলিকপ্টাৰ দুর্ঘটনাত চাৰিজনৰ মৃত্যু হৈছে ।
https://twitter.com/Beingsajiddarr/status/1468488233637998593?s=20
সেনাপ্ৰধানগৰাকীসহ মুঠ ১৪ গৰাকী ব্যক্তিয়ে বিমানখনত যাত্ৰা কৰিছিল । এই পর্যন্ত তিনিজনক উদ্ধাৰ কৰা সম্ভৱ হৈছে । এতিয়াও সন্ধানহীন হৈ আছে বহু সেনা । তীব্ৰ গতিত চলোৱা হৈছে উদ্ধাৰকাৰ্য । বিয়লি ১২-৪০ বজাত কুন্নুৰত গভীৰ অৰণ্যত ভাঙি পৰে সেনাৰ এমআই-১৭ কপ্টাৰখন । ভাঙি পৰাৰ পাছতেই হেলিকপ্টাৰত জুই লাগি যায় ।