মাতৃ হ’বলৈ ওলাইছে কৌতুক অভিনেত্ৰী ভাৰতী সিং ।২০২২ চনত নতুন অতিথিক আদৰিবলৈ সাজু ভাৰতী আৰু হৰ্ষ লিম্বাচিয়াৰ সংসাৰত।
তাৰকা দম্পতীৰ ঘনিষ্ঠ বৃত্তৰ এজন ব্যক্তিয়ে সংবাদ মাধ্যমক কয়, “ভাৰতীয়ে ইতিমধ্যে কাম কৰা বন্ধ কৰি দিছে আৰু বিশ্রামত আছে। ঘৰৰ পৰা বেছি ওলাই অহা নাই। বলীউডৰ সূত্ৰৰ মতে, ভাৰতীয়ে সোনকালেই কাম আৰম্ভ কৰিব। তেওঁ কপিল শৰ্মাৰ অনুষ্ঠানৰ দৃশ্যগ্ৰহণ কৰিব। ভাৰতীয়ে যদিও এই সন্দৰ্ভত এতিয়াও স্পষ্টকৈ একো কোৱা নাই।
ৰহস্যভাৱে তেওঁ ইয়াৰ উত্তৰ দি কয় ,”এই খবৰ সঁচা নে মিছা,তাক লৈ মই একো নকওঁ। মই সঠিক সময়ত মুকলিকৈ কথা পাতিম। এই সকলোবোৰ বস্তু কেতিয়াও লুকুৱাব নোৱাৰি। যেতিয়া জনোৱাৰ সময় হ’ব, মই সকলোকে জনাম। “
ভাৰতীয়ে ২০১৭ চনত হৰ্ষ লিম্বাচিয়াৰ স’তে বিয়াত বহিছিল। কিছু দিনৰ পুৰ্বেই এক ৰিয়েলিটি শ্ব’ত মঞ্চত তেওঁ কৈছিল যে, তেওঁলোকে অভিভাৱক হোৱাৰ পৰিকল্পনা আৰম্ভ কৰিছে।
কিন্তু কৰ’নাৰ কাৰণে তেওঁলোক দুয়োজনে তেওঁলোকৰ সন্তানক পৃথিৱীলৈ আনিবলৈ ভয় কৰিছিল।