অহা শতিকাত প্ৰথমবাৰৰ বাবে হ্ৰাস পাব বিশ্বৰ জনসংখ্যা

Slower population growth signals successes and benefits

জনসংখ্যা বৃদ্ধিৰ সমস্যাত জৰ্জৰিত বিশ্বৰ বাবে এটি সুখবৰ । অহা শতিকাত প্ৰথমবাৰৰ বাবে এই বিশ্বৰ জনসংখ্যা হ্ৰাস পাব । শেহতীয়া এক গৱেষণামূলক অধ্যয়নত প্ৰকাশিত তথ্য অনুসৰি, বৰ্তমানে বিশ্বৰ মুঠ জনসংখ্যা হৈছে ৭.৮ বিলিয়ন । গৱেষকসকলে ধাৰণা কৰা অনুসৰি, পৃথিৱীৰ মুঠ বাসিন্দাৰ সংখ্যা ২০৬৪ বৰ্ষত সৰ্বাধিক ৯.৭ বিলিয়নলৈ বৃদ্ধি পাব আৰু জনসংখ্যা বৃদ্ধিৰ এয়ে হ’ব সবাতোকৈ শীৰ্ষ পৰ্যায়ৰ । ইয়াৰ পাছত জনসংখ্যা ক্ৰমে হ্ৰাস পাবলৈ ধৰিব আৰু অহা শতিকাত অৰ্থাৎ ২১০০ বৰ্ষত বিশ্বৰ জনসংখ্যা ৮.৭৯ বিলিয়নলৈ হ্ৰাস পাব ।

‘দ্য লেনচেট’ত প্ৰকাশিত প্ৰতিবেদনটোত গৱেষকে কয় যে অহা শতিকাত বিশ্বৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাব । বিশ্বৰ ২৩ খন দেশত জনসংখ্যা ৫০ শতাংশলৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । জনসংখ্যা ৫০ শতাংশলৈকে হ্ৰাস হ’ব পৰা দেশকেইখন হৈছে জাপান, থাইলেণ্ড, ইটালী, স্পেইন, পৰ্তুগাল, দক্ষিণ কোৰিয়া ইত্যাদি । এইসমূহ দেশত সম্প্ৰতি জনসংখ্যা হ্ৰাসৰ ফলত জন্মৰ হাৰ যথেষ্ট হ্ৰাস পাইছে আৰু বৃদ্ধ নাগৰিকৰ সংখ্যা বৃদ্ধি পাইছে । বিশ্বৰ সবাতোকৈ জনবহুল দেশ চীনত জনসংখ্যা ২১০০ বৰ্ষত হ্ৰাস পায় ৭৩ কোটি ২০ লাখ হ’বগৈ বুলিও গৱেষকে দাবী কৰিছে ।

উল্লেখ্য যে বৰ্তমানে চীনৰ জনসংখ্যা হৈছে ১৪০ কোটি । একেটা প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি, ২১০০ বৰ্ষত ভাৰততো জনসংখ্যা হ্ৰাস পাব । বৰ্তমানে বিশ্বৰ দ্বিতীয়খন জনবহুল দেশ হিচাপে পৰিচিত ভাৰতৰ জনসংখ্যা ২১০০ বৰ্ষত ১০৯ কোটিলৈ হ্ৰাস পাব ।

অৱশ্যে এই প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি উত্তৰ আফ্ৰিকা, পশ্চিম এছিয়া আৰু ছাহাৰা মৰুভূমিৰ দেশসমূহত আগন্তুক এক শতিকাত জনসংখ্যা বৃদ্ধি পাব । উল্লেখ্য যে এই বিশ্বৰ জনসংখ্যা অন্তিমবাৰ ১৪ শতিকাত হ্ৰাস পাইছিল ।

Exit mobile version