ধূমপান নিষিদ্ধকৰণৰ কঠোৰ পদক্ষেপ নিউজিলেণ্ড চৰকাৰৰ

homemasternews importersrcsmoking

নিউজিলেণ্ডৰ যুৱ প্ৰজন্মক ধূমপানৰ ক্ষতিকাৰক আসক্তিৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে।নিউজিলেণ্ড চৰকাৰে দেশখনত ১৪ বছৰ আৰু ইয়াৰ অনূর্ধ্ব বয়সৰ যুৱ প্ৰজন্মক চিগাৰেট ক্রয়ৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপৰ বাবে পৰিকল্পনা প্রস্তুত কৰিছে।

অহা বছৰতে দেশখনত ধূমপান বিৰােধিতাৰে কঠোৰ আইন প্ৰৱর্তনৰ সম্ভাৱনা আছে। নতুন আইনৰ অধীনত চিগাৰেট ক্রয়ৰ ন্যূনতম বয়স প্রতি বছৰে বৃদ্ধি কৰা হ’ব।

চৰকাৰে যুক্তি প্রদর্শন কৰি কয় যে এই আইন প্রৱর্তন হলে ৬৫ বছৰৰ পাছত নিউজিলেণ্ডত ব্যৱসায়ীয়ে কেৱল ৮০ বছৰ ঊর্ধ্বৰ বয়সৰ লােককহে চিগাৰেট বিক্ৰী কৰিব পাৰিব।

নিউজিলেণ্ড চৰকাৰৰ লক্ষ্য হৈছে ২০২৫ বর্ষলৈকে দেশখনত ধূমপান কৰাৰ লােকৰ সংখ্যা পাঁচ শতাংশ হ্রাস কৰা। নিউজিলেণ্ডত প্রতি বছৰে ধূমপানৰ আসক্তিৰ ফলত পাঁচ হেজাৰ লােকৰ মৃত্যু হৈ আহিছে।

নিউজিলেণ্ডৰ সহযােগী স্বাস্থ্যমন্ত্রী আয়েছা ভেৰালে কয়, ‘আমি এই কথা নিশ্চিত কৰিব বিচাৰিছাে যে যুৱ প্ৰজন্মই কেতিয়াও ধূমপানৰ অভ্যাস আৰম্ভ নকৰে। সেয়েহে আমি যুৱ প্ৰজন্মক ধূমপানত ব্যৱহাৰ কৰা ধপাত জাতীয় সামগ্রী বিক্ৰী কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰিব বিচাৰিছে। বিগত দশকত দেশখনত ধূমপানৰ হাৰ হ্রাস পাইছে। আমি দেশত ধূপায়ীৰ সংখ্যা সর্বনিম্ন কৰিব বিচাৰিছাে।’

উল্লেখ্য যে বর্তমানে নিউজিলেণ্ডত ১৮ ঊর্ধ্বৰ বয়সৰ লােকেহে ধপাত জাতীয় সামগ্রী ক্রয় কৰিব পাৰে। দেশখনত ১৫ বছৰ বয়সৰ ঊর্ধ্বৰ ১১.৬ শতাংশ জনসংখ্যাই সম্প্রতি ধূমপান কৰি আহিছে।

Exit mobile version