মাতৃ হ’ব ভাৰতী সিং । শুকুৰবাৰে নিশা ইনষ্টাগ্ৰামত ভিডিঅ’ বনাই সুখবৰ দিলে কৌতুকশিল্পীগৰাকীয়ে । বৈবাহিক জীৱনৰ চাৰি বছৰ সম্পূৰ্ণ কৰিলে হৰ্ষ লিম্বাচিয়া আৰু ভাৰতী সিঙে । অহা বছৰৰ এপ্ৰিল মাহত অভিনেত্ৰীগৰাকীৰ ঘৰলৈ আহিব নতুন সদস্য ।
ভাৰতীয়ে তেওঁৰ ইউটিউব চেনেলত সেই ভিডিঅ’ নিজে প’ষ্ট কৰিলে । ভিডিঅ’টোত ভাৰতীয়ে তেওঁৰ গৰ্ভধাৰণ পৰীক্ষা কৰা দেখা গৈছে। ইতিবাচক ফলাফল অহাৰ লগে লগে কৌতুক অভিনেতাজনে পাঞ্জাৱী তালত আনন্দেৰে নাচি উঠে। ভিডিঅ’টোৰ ওপৰত, লিখিছে, ‘হাম মা বান্নে ৱালে হে। ‘
https://www.instagram.com/reel/CXTrgwjqsHi/?utm_source=ig_embed&ig_rid=5b2584a3-88e7-4847-b79b-760380f03f2f
কিছুদিন আগতে এই খবৰ লৈ উৰাবাতৰি বিয়পিছিল মুম্বাইৰ টেলিপাৰাত । সেই উৰাবাতৰিত ছিলমোহৰ লগালে ভাৰতীয়ে। তাৰকা দম্পতীৰ ঘনিষ্ঠ সূত্ৰই জনাইছে, ভাৰতীয়ে ইতিমধ্যে কাম কৰা বন্ধ কৰি দিছে আৰু বিশ্রামে আছে।
ঘৰৰ পৰা বেছি ওলাই অহা নাই। ভাৰতীয়ে শুক্ৰবাৰে নিশা অনুৰাগীসকলৰ স’তে তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিলে।
চলিত বৰ্ষতে ভাৰতীয়ে এটা সাক্ষাৎকাৰত জনাইছিল, কৰ’না সন্ত্ৰাসৰ মাজতে তেওঁলোকে সন্তান জন্ম দিয়াৰ বিপদাশংকা ল’বলৈ ইচ্ছুক নহয়। পৃথিৱীখন সুস্থ হ’লেই তেওঁলোকে সন্তান জন্ম দিবলৈ বিচাৰিব ।
ভাৰতীৰ জনাইছিল, “এই মুহূৰ্তত চিকিৎসালয়লৈ যোৱাটোও অতি বিপদজনক। আৰু গৰ্ভৱতী হ’লে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ যাব লাগিব। “ভাৰতীয়ে কয় যে তেওঁ আৰু হৰ্ষে এটা সৰু শিশুৰ স্বাস্থ্যৰ কথা বিবেচনা কৰি আৰু এবছৰ অপেক্ষা কৰাৰ পৰিকল্পনা কৰিছে।