গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগনত প্ৰতিবাদ ছাত্ৰ সংগঠনৰ

দাবী পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত থকা বিভিন্ন বিসংগতি সমাধান কৰা

Screenshot 262

ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিটীয়ে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাংগনত বিক্ষোভ প্ৰদৰ্শন কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল আৰু বিভিন্ন ক্ষেত্ৰত চলি থকা বিভিন্ন বিসংগতিৰ বিৰুদ্ধে এছ‌এফ‌আই-য়ে এই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে ।

প্ৰতিবাদী ছাত্ৰ সংগঠনটোৱে কে’বাটাও দাবী উত্থাপন কৰে, সকলো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা, ভৱিষ্যতৰ পৰীক্ষাবোৰৰ ক্ষেত্ৰত পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৪৫ দিনৰ ভিতৰত শুদ্ধকৈ সকলো ফলাফল দিয়াৰ ব্যৱস্থা কৰা, বেক পৰীক্ষাসমূহৰ ফলাফল অতি শীঘ্ৰে ঘোষণা কৰা, ফলাফলত এবছেণ্ট/উইথহেল্ড আদি বিসংগতি দূৰ কৰা ।

ইয়াৰ উপৰি, পুনৰ পৰীক্ষণ/ পুনৰ মূল্যায়ন প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰা, বিশ্ববিদ্যালয়ৰ প’ৰ্টেল আৰু ৱেবছাইট উন্নত কৰা, পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ আৰু অন্যান্য আনুসংগিক বিষয়ত আদায় দিব লগা মাচুলৰ পৰিমাণ হ্ৰাস কৰা, বেক থাকিলেও নিম্ন আয়ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰা ইত্যাদি দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৱে ।

Exit mobile version