বলিউডত বিয়াৰ বতৰ : নায়িকাৰ প্ৰথম পছন্দ কম বয়সীয়া চেলিব্ৰেটি

Vicky Kaushal and Katrina Kaif 17cc11f6869 medium

শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হ’ল বলিউডৰ বহু চৰ্চিত জনপ্ৰিয় দম্পতি ভিকি কৌশল আৰু কেটৰিণা কাঈফ ।বিগত বহু দিনৰ পৰা সামাজিক মাধ্যমত বিশেষ চাঞ্চল‍্যৰ সৃষ্টি কৰি আহিছিল এই বিশেষ বিবাহখনে।

অৱশেষত সকলোৰে প্ৰশ্নৰ অন্ত পেলাই বিবাহপাশত আৱদ্ধ হ’ল দুই অভিনেতা অভিনেত্ৰী। ইতিমধ্যে তেওঁলোকৰ বিবাহৰ ফটো সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈছে।

দম্পতিহালৰ বিবাহক লৈ পূৰ্বৰে পৰা বিভিন্ন কথাই চর্চা লাভ কৰি আহিছে। বিবাহৰ পূৰ্বে জাৰি কৰা একাধিক নিৰ্দেশনাৰ পৰা তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ স্থান ,খাদ্য, অতিথিকে ধৰি বিভিন্ন কথা ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

এই সকলোবোৰৰ মাজতে আহি পৰিছে তেওঁলোকৰ বয়সৰ ব্যৱধানৰ বিষয়টো । বলিউডৰ এই জনপ্ৰিয় দম্পতি কেটৰিণা কাঈফ আৰু বিকি কৌশলৰ বয়সৰ ব্যৱধান হৈছে পাঁচ বছৰ ?

বলিউদত কেৱল কেটৰিণা বা ভিকি কৌশলয়ে নহয় । বলিউডত আৰু বহুতো দম্পতি আছে যিয়ে নিজতকৈ কম বয়সৰ পুৰুষৰ লগত বিয়াত বহিছে ।এনে কেইগৰাকীমান অভিনেত্ৰীৰ নাম তলত উল্লেখ কৰা হ’ল

কেটৰিনা কাঈফ আৰু ভিকি কৌশল:  কেটৰিনা কাঈফৰ বয়স ৩৮ বছৰ আৰু তেওঁ ৩৩ বছৰীয়া বিকি কৌশলৰ লগত বিয়াত বহে । দম্পতীহালৰ পাঁচ বছৰ বয়সৰ ব্যৱধান । দুয়োজনৰ ন ডিচেম্বৰত ৰাজস্থানৰ যােধপুৰত সম্পন্ন হ’ল বিবাহ।

প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছ: প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছৰ বয়সৰ ব্যৱধান ১০ বছৰৰ । ২০২১ এক ডিচেম্বৰত প্ৰিয়ংকা আৰু নিকে তেওঁলোকৰ তিনি বছৰীয়া বাৰ্ষিকী উদযাপন কৰে ।

ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চন:  ২০০৭ চনত বিবাহপাশত আৱদ্ধ হৈছিল ঐশ্বৰ্যৰ ৰায় আৰু অভিষেক বচ্চন।বিবাহৰ সময়ত ঐশ্বৰ্যৰ বয়স আছিল ৩৪ আৰু অভিষেকৰ ৩১ ।

ছোহা আলি খান আৰু কুনাল খেমু: ছোহা আলী খান আৰু কুনাল খেমুৱে ২০০৯ চনত ধুণ্ডে ৰেহ জাওগেৰ ছেটত ইজনে সিজনক লগ পাইছিল। ছোহা আলি খান ৩৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হৈছিল ৩২বছৰীয়া কুনালৰ স’তে । বিয়া হোৱাৰ পূৰ্বে দম্পতীহাল কিছু সময়ৰ বাবে লিভ-ইন সম্পৰ্কত আছিল।

নেহা ধুপিয়া আৰু অংগদ বেদী : নেহাৰ স্বামী অংগদ তেওঁতকৈ দুবছৰ সৰু । প্ৰতিটো সময়তে নেহা সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হোৱা দেখা যায়।

নম্ৰতা শিৰুদকাৰ আৰু মহেশ বাবু:  নম্ৰতা স্বামী মহেশ বাবুতকৈ তিনি বছৰ ডাঙৰ। তেওঁলোক এহাল আকৰ্ষণীয় দম্পতী। অনুৰাগীসকলে তেওঁলোকক আদৰ কৰে।

অমৃতা সিং আৰু ছেইফ আলি খান : যদিও ছেইফ আৰু অমৃতাই পৃথক হৈ বৰ্তমান নিজৰ জীৱন সুখেৰে জীয়াই আছে, দুয়োজনৰ মাজত ১৩ বছৰ বয়সৰ ব্যৱধান এসময়ত চৰ্চাৰ বিষয় হৈ পৰিছিল।

বিপাশা বসু আৰু কৰন সিং গ্ৰ’ভাৰ :অভিনেত্ৰী বিপাশা তেওঁৰ স্বামীতকৈ তিনি বছৰ ডাঙৰ । ২০১৬ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হৈছিল ।

নাৰ্গিছ আৰু সুনীল দত্ত: এক চিৰন্তন প্ৰেমকাহিনী, যদি আপুনি ক’ব বিচাৰে । যেতিয়া তেওঁলোকৰ বিয়া হৈছিল তেতিয়া নাৰ্গিছ আছিল সুনীল দত্ততকৈ এবছৰ ডাঙৰ। আমোদজনক ভাৱে, নাৰ্গিছ আনকি ব্লকবাষ্টাৰ চলচ্চিত্ৰ মাদাৰ ইণ্ডিয়াত সুনীলৰ অন-স্ক্ৰীণ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।

ফাৰহান আখতাৰ আৰু অধুনা ভৱানী: ২০০০ চনত যেতিয়া ৩৩ বছৰ বয়সত অধুনা বিবাহপাশত আৱদ্ধ হৈছিল তেতিয়া তেওঁৰ স্বামী ফাৰহানৰ বয়স আছিল ২৬ ।

Exit mobile version