চিৰাঙৰ কাজলগাঁওত মন্ত্ৰী ৰঞ্জিত দাসৰ পৰ্যালোচনা সভা

চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত আজি পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে চিৰাং জিলাৰ উল্লিখিত তিনিওটা বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে ৷

মন্ত্ৰী গৰাকীয়ে চিৰাং জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা জনজীৱন মিছনৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰি জিলাখনৰ জনজীৱন মিছনৰ প্ৰকল্প সমূহ উপযুক্তভাৱে সময় মতে সম্পূৰ্ণ কৰি উলিয়াবলৈ নিৰ্দেশ দিয়ে ৷

জিলাখনৰ উত্তৰাঞ্চলৰ গাঁও সমূহৰ পানী উলিওৱাত সমস্যা হোৱাৰ বাবে উন্নত মানৰ যন্ত্ৰৰে এই ব্যৱস্থা সুচল কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

মন্ত্ৰী গৰাকীয়ে জিলাখনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দ্বাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি সমূহৰ ৰূপায়নৰ ক্ষেত্ৰত তদাৰক কৰে আৰু উজ্জলা যোজনাৰ ৰন্ধন গেছ আৰু প্ৰকৃত হিতাধিকাৰীয়ে যাতে ৰেচন কাৰ্ড লাভ কৰে তাৰ ওপৰত গুৰুত্বাৰোপ কৰে ৷

লগতে কাম সমূহৰ লগতে জিলাখনৰ ভিচিডিচি সমূহৰ জৰিয়তে ৰূপায়ণ হৈ থকা গ্ৰাম্য উন্নয়ন আঁচনি সমূহৰ ওপৰত পৰ্যালোচনা কৰে ৷ মন্ত্ৰী ৰঞ্জিত দাসৰ পৰ্যালোচনা সভাত বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য ড০ নিলোৎ স্বৰ্গীয়াৰী, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত উপায়ুক্ত, সহকাৰী আয়ুক্ত সকল, বিটিচিৰ বিভাগীয় মূৰব্বী বিষয়া লগতে চিৰাং জিলাৰ বিভাগীয় মূৰব্বী বিষয়া সকল উপস্থিত থাকে ৷

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ৰঞ্জিত দাসে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মে জলজীৱন মিছনত জড়িত সকলৰ বাবে পানী সমিতি গঠনৰ নিৰ্দেশ দিয়াৰ লগতে পানী সমিতিৰ জৰিয়তে জল জীৱন মিছন আঁচনিত জড়িত সকলক উপযুক্ত মাননী প্ৰদান কৰিব বুলি প্ৰকাশ কৰে ৷

পৌৰ নিৰ্ব্বাচন সন্দৰ্ভত মন্ত্ৰী দাসে কয় যে স্থানীয় ভাৱে বিজেপি-অগপ দলে আলোচনাৰ মাধ্যমত সিদ্ধান্ত লব মিত্ৰতাৰ বিষয়ে। ৰাজ্যিক সভাপতিয়ে জনাইছে কেন্দ্ৰীয় ভাৱে পৌৰ নিৰ্ব্বাচনত কোনো মিত্ৰতা নাথাকে বুলিও কয় মন্ত্ৰী ৰঞ্জিত দাসে।

Exit mobile version