Google : ক’ভিড টিকা নল’লে বন্ধ হ’ব পাৰে বেতন, হেৰুৱাব পাৰে চাকৰিও

Google building scaled 1

ক’ভিড প্ৰতিষেধক নল’লে ,নাপায় দৰমহা । হেৰুৱাব পাৰে নিজৰ চাকৰিও । গুগলে কৰ্মচাৰীসকললৈ জাৰি কৰিলে এই সতৰ্কবাণী ।শেহতীয়াকৈ চিএনবিচি ৰ এটা প্ৰতিবেদনত এইয়ে দাবী কৰিছে ।

প্ৰতিবেদনখনত কোৱা হৈছে, গুগলে জনাইছে তিনি ডিচেম্বৰৰ পৰ্যন্ত টিকাৰ সকলো নথিপত্ৰ প্ৰমাণসহ দাখিল কৰিব লাগিব। তাৰ পাছৰ তাৰিখত কোনো নথি পত্ৰ জমা লোৱা নহ’ব।

যিসকলে সেই সময়ছোৱাত নথিপত্ৰসমূহ দেখুৱাব নোৱাৰে কোম্পানীটোৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব ।

প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে ১৮ জানুৱাৰীৰ ভিতৰত, ক’ভিড টিকা নিয়ম অনুসৰণ নকৰা কৰ্মচাৰীসকলক ৩০ দিনৰ বাবে ছুটিত প্ৰেৰণ কৰা হ’ব। ইয়াৰ পাছত ইয়াক ছমাহৰ বাবে বেতনবিহীন ছুটিত প্ৰেৰণ কৰা হ’ব। আনকি চাকৰিও হেৰুৱাব পাৰে তেওঁলোকে । যদিও এই বিষয়টো প্রকাশলৈ অহাৰ পাছত গুগলৰ কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।

Exit mobile version