ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ১৯৭১ৰ যুদ্ধত ভাৰতীয় সেনাৰ হাতত পাকিস্তান পৰাজিত হোৱাৰ পাছত বাংলাদেশৰ জন্ম হৈছিল । এই ভয়াবহ যুদ্ধৰ স্মৃতি বুকুত লৈ বজালীৰ অৱসৰপ্ৰাপ্ত সৈনিক ধীৰেণ সিঙে আজিও আবেগত চকুপানী টোকে আৰু যুদ্ধ জয়ৰ আজি ১৬ ডিচেম্বৰৰ দিনটোত অকয়া গাঁৱৰ সত্ৰৰ সমীপৰ স্বগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি ৰাষ্ট্ৰৰ ছহিদসকলক স্মৰণ কৰে ।
এনে উদ্দেশ্যতেই আজি ধীৰেণ সিঙে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে মুকলি কৰি ছহিদসকলে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অম্লান বৰঙণিক মনত পেলাই বজালীৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কয় যে, ৰাষ্ট্ৰৰ ছহিদসকল জাতিৰ শৌৰ্য্য । উপায়ুক্ত চৌধুৰীয়ে সেই সময়ৰ যুদ্ধৰ বিভিষিকাময় সময় কেনে ভয়ংকৰ আছিল সেই কথাও তেওঁ বৰ্ণনা কৰে ।
অনুষ্ঠানত অৱসৰী সৈনিক ধীৰেণ সিঙেও সবিস্তাৰে সেই যুদ্ধৰ ভয়াবহতাক অনৰ্গল ৰাইজক কৈ যায় । এই যুদ্ধত সৈনিক সিঙেও আহত হৈছিল ; সেয়ে সকলো কথা তেওঁৰ আজি চকুত ভাঁহি উঠা বুলিও তেওঁ আবেগ বিহ্বল হৈ ব্যক্ত কৰে ।






























