কিয় বিবাহিত পুৰুষৰ প্ৰতি অধিক আকৰ্ষিত হয় নাৰী: গৱেষণাত ওলাল কাৰণ

d201757be4e41367805bc55fd92d4583

অবিবাহিত নহয়, বিবাহিত পুৰুষৰ প্রতিহে অধিক আকর্ষিত হয় নাৰী। শেহতীয়া এক গৱেষণামূলক অধ্যয়নত মহিলাৰ পুৰুষ প্ৰেমৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিছে।

অধ্যয়নটো চলােৱা গৱেষকৰ দাবী অনুসৰি, প্রায় ৯০ শতাংশ নাৰীয়ে এনে পুৰুষক অধিক পছন্দ কৰে, যিসকলে ইতিমধ্যে কোনাে মহিলাৰে একে স্থায়ী সম্পৰ্কত আছে অর্থাৎ বিবাহিত। এই অধ্যয়নৰ সবিশেষ তথ্য প্রকাশ পালে জাৰ্ণেল অৱ হিউমেন নেচাৰ নামৰ বিজ্ঞান বিষয়ক পত্রিকাখনত।

সংগী নির্ণয়ৰ অনুকৰণ তত্ত্ব অনুসৰি গৱেষকে নাৰীৰ পুৰুষপ্রীতিৰ সন্দৰ্ভত এক ব্যাখ্যা আগবঢ়াইছে। এই তত্ত্ব অনুসৰি অনেক ক্ষেত্ৰত এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীক অনুকৰণ কৰে।

সাধাৰণতে কম, বয়সীয়া নাৰীয়ে বিবাহিত বা অন্য নাৰীৰে সম্পৰ্কত থকা পুৰুষক অভিজ্ঞ আৰু সুৰক্ষিত গণ্য কৰে বুলি এই গৱেষণাত গৱেষকে তথ্য নিশ্চিত কৰিছে।

গৱেষকৰ মতে, শাৰীৰিক আকর্ষণতকৈও নাৰীয়ে মানসিক আকর্ষণক অধিক গুৰুত্বপূৰ্ণ গণ্য কৰে। কিয় অবিবাহিত যুৱকৰ পৰিৱর্তে বিবাহিত পুৰুষৰ প্রতি নাৰী সহজে, আকর্ষিত হয় তাৰ কাৰণসমূহ গৱেষকে এইদৰে ব্যাখ্যা কৰিছে।

প্ৰথমতে, এজন পুৰুষ যেতিয়া এগৰাকী মহিলাৰ সন্মুখত আকর্ষণীয় হৈ উঠে, তেতিয়া সেই পুৰুষক আন মহিলায়ে আকর্ষণীয় গণ্য কৰে। অন্য এক নাৰীৰ অভিজ্ঞতাই সেই পুৰুষজন সম্পর্ক গঢ়াৰ বাবে উপযুক্ত বুলি প্রতিভাত কৰে। এয়া গৱেষকৰ মত।

দ্বিতীয়তে, অংগীকাৰ আৰু প্রতিশ্রুতি ৰক্ষাৰ ক্ষেত্ৰত পূৰ্বৰে পৰা আন কোনাে নাৰীৰ স’তে সম্পৰ্কত থকা পুৰুষ অধিক নিৰ্ভৰযােগ্য বুলি গণ্য কৰে অধিকাংশ নাৰীয়ে।

কিয়নাে ইতিমধ্যে সেই পুৰুষে এটি সম্পর্কৰ জৰিয়তে তেওঁৰ নিৰ্ভৰযােগ্যতা প্রমাণ কৰিছে বুলি ধাৰণা কৰে সৰহ সংখ্যক নাৰীয়ে।

গৱেষকৰ মতে, অধ্যয়নত লাভ কৰা তথ্যত এই কথা জানিব পৰা গৈছিল যে যি সকল নাৰী সম্পর্কবিচ্ছিন্না তেওঁলােকৰ মাজত বিবাহিত পুরুষৰে প্ৰেমৰ সম্পর্ক গঢ়াৰ প্ৰৱণতা অধিক হয়। তৃতীয়তে, ইতিমধ্যে সম্পৰ্কত থকা পুৰুষৰ অভিজ্ঞতা আৰু পৰিপক্ক মানসিকতাই বহু ক্ষেত্ৰত নাৰীক সহজে আকৃষ্ট কৰে।

সম্পর্ক দেখা দিয়া ঘাত-প্রতিঘাতৰ সমাধানত বিবাহিত পুৰুষসকল অবিবাহিতৰ তুলনাত অধিক সক্ষম বুলি অধিকাংশ নাৰীয়ে ধাৰণা কৰে। এই মতাে গৱেষকৰ।

চতুর্থত, বিবাহিত বা ইতিমধ্যে এবাৰ কোনাে মহিলাৰে সম্পৰ্কত জড়িত পুৰুষে পুনৰ সম্পৰ্কত আবদ্ধ হ’বলৈ দ্বিধাবােধ কৰে। ফলত এনে পুৰুষৰ স’তে কোনাে নাৰীয়ে পুনৰ সম্পর্ক গঢ়িব পাৰিলে সেয়া স্থায়ী হােৱাৰ সম্ভাৱনা থাকে।

অবিবাহিত পুৰুষৰ অধিক চঞ্চলতা বহু ক্ষেত্ৰত নাৰীয়ে পছন্দ নকৰে। পঞ্চমতে, বিবাহিত পুৰুষৰ পক্ষে পৰকীয়া সম্পৰ্কত জড়িত হােৱাটো যথেষ্ট আশংকাজনক কার্য।

যেতিয়া কোনাে বিবাহিত পুৰুষে পৰকীয়াত লিপ্ত হয় তেতিয়া তেওঁ এই কথা প্রমাণ কৰে যে তেওঁ দ্বিতীয় গৰাকী প্ৰেমিকাৰ বাবে সকলাে ধৰণৰ প্ৰত্যাহ্বান বা শংকা বহন কৰিবলৈ সাজু আছে।

এই নিষিদ্ধ আকর্ষণে সেয়েহে বহু নাৰীক সন্মােহিত কৰে বিবাহিত পুৰুষৰ প্রতি। অৱশ্যে, মনত ৰখা ভাল হ’ব যে এইবােৰ হৈছে গৱেষকৰ তত্ত্ব কথা, বাস্তৱ জীৱনত পুৰুষ-মহিলাৰ এক নির্দিষ্ট সম্পর্ক ৰসায়ন নির্ভৰ কৰে সেই সম্পর্কত থকা ব্যক্তিৰ ওপৰতে।

Exit mobile version