ধানৰ উচিত মূল্য পোৱা নাই কৃষকসকলে

অত্যাধিক মূল্যত সাৰ প্ৰয়োগ কৰি কৃষকৰ মাজত হাহাকাৰ

বৰপেটা জিলাৰ লাংলা সাপ্তাহিক বজাৰত কৃষকৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে । কৃষকে অশেষ কষ্ট কৰি উৎপাদন কৰা ধান বজাৰত আনি উচিত মূল্যত বিক্ৰী কৰিব নোৱাৰাৰ বাবে মূৰে-কপালে হাত দিবলগীয়া হৈছে ।

আকাশলংঘী মূল্যৰ সাৰ প্ৰয়োগেৰ খেতি কৰি প্ৰতি কুইন্টল ধানত কৃষকে পাইছে মাত্ৰ ১৩০০ টকা । একাংশ মধ্যভোগীৰ বাবে উচিত মূল্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজে ।

উল্লেখ্য যে, বজাৰত কৃষকে ক্ৰয় কৰা ৰাসায়নিক সাৰৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ দিনক দিনে মূল্য বৃদ্ধি পাইছে । যাক লৈ কৃষকসকল শংকিত হৈ পৰিছে । অতি শীঘ্ৰে চৰকাৰক ধানৰ মূল্য নিৰ্ধাৰণ কৰি সাৰৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে মধ্যভোগীৰ দপ-দপনি বন্ধ কৰাৰ দাবী জনাইছে ৰাইজে ।

Exit mobile version