যি সময়ত অসমৰ যোগাযোগ ব্যৱস্থা উন্নতি কৰাৰ লক্ষ্যৰে গাঁৱে-ভুৱে, নগৰে-চহৰে ৰাজ্য চৰকাৰে কোটি টকা খৰচ কৰি বাট-পথ পকীকৰণৰ লগতে দলং, কালভাৰ্ট আদি নিৰ্মাণ কৰিছে ঠিক সেই সময়তে একবিংশ শতিকাৰ আধুনিক যুগতো উন্নতিৰ মুখ নেদেখিলে এখন গাঁৱৰ ৰাইজে । এখন দলঙৰ বাবে দীৰ্ঘদিন ধৰি হাহাকাৰ কৰি আহিছে যদিও কোনো এখন চৰকাৰৰ সুমতি নহ’ল । যাৰ ফলত অৱশেষত জীৱনক তুচ্ছ ভাবি দৈনন্দিন চলাচল কৰি আহিছে ।
গাঁওখনত আছে কেৱল এখন বাঁহৰ দলং । যান-বাহন পাৰাপাৰ হোৱাটো দূৰৈৰ কথা মানুহে নিৰপদে যাতায়ত কৰিব নোৱাৰে উক্ত দলঙৰ ওপৰেৰে । তেনে এখন বিধস্ত বাঁহৰ দলঙৰে নিতৌ যাতায়ত কৰে ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁৱৰ ৰাইজে । গাঁওখনত নাযায় কোনো এখন বাহন । নাযায় ৰোগী নিয়া এম্বুলেন্স ।
উক্ত গাঁওখন হৈছে ধুবুৰী জিলাৰ ২৫ নম্বৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ আলোকঝাৰীৰ । ধুবুৰী-কচুগাঁও গৰকাপ্তানী পথৰ স’তে সংযোগ হৈ থকা ঐতিহাসিক আলোকঝাৰী গাঁওলৈ যোৱা পথৰ গদাধৰ নদীৰ ওপৰত আছে এখন কাঠৰ দলংখন । প্ৰায় ৩০-৩৫ বছৰ ধৰি বিধস্ত হৈ থকা এইখন দলঙে আলোকঝাৰী গাঁৱৰ ৰাইজক জলা-কলা খুৱাই আহিছে ।
গাঁৱৰ ৰাইজে নিজে বাঁহ, কাঠ সংগ্ৰহ কৰি মাজে-মাজে মেৰামতি কৰি যাতায়ত কৰি আহিছে যদিও নিৰাপদ নহয় । সম্প্ৰতি কাঠ, বাঁহ নথকা বিপদ সংকুল এইখন দলঙে আলোকঝাৰী গাঁৱৰ একমাত্ৰ পথ । কিয়নো গাঁওখনৰ চৌদিশে গদাধৰ নদীয়ে আগুৰি আছে। গাঁওখনৰ পৰা ওলাবলৈ আৰু সোমাবলৈ এটাই পথ দলংখন ।
দীৰ্ঘদিন ধৰি উক্ত ভঙা দলঙে গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ লগতে হাট-বজাৰ, স্বাস্থ্য, ব্যৱসায়, উৎসৱ পাৰ্বন আদি কৰি সকলো ক্ষেত্ৰতে হেঙাৰ হৈ পৰিছে । গাঁওখনলৈ চাৰি চকীয়া বাহনো যাব নোৱাৰে । মানুহৰ বেমাৰ-আজাৰ হ’লে নাযায় এম্বুলেন্স । প্ৰায় পাঁচ-সাত কিলোমিটাৰ ঘূৰি পাগলাহাটৰ লালস্কুল হৈ যাবলগীয়া হয় ।
বিগত সময়ছোৱাত গাঁৱৰ ৰাইজে চৰকাৰৰ উপৰি স্থানীয় জন প্ৰতিনিধিক এখন দলঙৰ বাবে আবেদন-নিবেদন কৰিও কোনো সফলতা লাভ কৰা নাই । কেৱল নিৰ্বাচনৰ সময়ত গাঁওখনলৈ ভোট বিচাৰি যোৱা নেতা পালি নেতাৰ প্ৰতিশ্ৰুতিৰ সম্বল হৈ পৰিছে । ৰাইজে বহুতো চেষ্টা কৰাৰ পাছতো চকু নপৰিল জনপ্ৰতিনিধিৰ ।
গদাধৰ নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে আলোকঝাৰী গাঁৱৰ ৰাইজে । উল্লেখ্য যে, আলোকঝাৰী পাহাৰত এখন ঐতিহাসিক মন্দিৰ আছে । যি মন্দিৰত নিতৌ ভক্ত আহে আৰু প্ৰতি বছৰে বহাগৰ প্ৰথম সপ্তাহত সাতদিনিয়া মেলা অনুষ্ঠিত হয় ।