Golden Temple : স্বৰ্ণমন্দিৰত গণপ্ৰহাৰ ! নিহত এজন লোক,অভিযোগ মন্দিৰক ‘অপবিত্ৰ’ কৰাৰ

Golden Temple

অমৃতসৰৰ স্বৰ্ণমন্দিৰত উত্তেজনা। মন্দিৰক ‘অপবিত্ৰ’ কৰাৰ অভিযোগত এজন লোকক গণপ্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাক লৈ চাঞ্চল‍্যৰ সৃষ্টি হৈছে পঞ্জাৱত । ঘটনাটোক গৰিহণা দিয়ে মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নীয়ে ।

প্ৰত্যক্ষদর্শীৰ দাবী, শনিবাৰে সন্ধিয়াৰ প্ৰাৰ্থনাৰ সময়ত এজন ব্যক্তিয়ে হঠাতে আহি শিখ সম্প্ৰদায়ৰ পবিত্ৰ শাস্ত্ৰ ‘গ্ৰন্থ চাহেব’ৰ সন্মুখত ৰখা তৰোৱালখন কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। সেই সময়ত, ওচৰত থকা লোকসকলে ধৰা পেলাই লোকজনক বহিষ্কাৰ কৰে। যদিও বাহিৰত থকা উত্তেজিত জনতাই তেওঁক প্ৰহাৰ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, তাতে সেই লোকজনে মৃত্যুবৰণ কৰে। সেই সময়ত, বিভিন্ন টেলিভিছন সম্প্ৰচাৰত দেখা গৈছে ,এজন লোকক ধৰি বাহিৰলৈ উলিয়াই দিয়া হৈছে ।

ঘটনাটোৰ পাছতে মন্দিৰৰ চিচিটিভি ফুটেজ স্কেন কৰা আৰম্ভ হয় । লোকজনৰ স’তে আন কোনোবা আছিল নেকি তাক লৈ এতিয়া অনুসন্ধান আৰম্ভ হৈছে ।

অমৃতসৰ আৰক্ষীৰ উপায়ুক্ত পৰমিন্দৰ সিং বিন্দলে কয়, “মূৰত হালধীয়া কাপোৰ পিন্ধা এজন ২০-২৫ বছৰীয়া যুৱক সন্মুখত থকা সকলো বাধা আঁতৰাই আহিছিল । ভিতৰৰ মানুহবোৰে তেওঁক ধৰি বাহিৰলৈ উলিয়াই দিয়ে। বাহিৰৰ থকা মানুহৰ স’তে উত্তপ্ত পৰিস্থিতিৰ পাছত যুৱকজনৰ মৃত্যু হয়। আমি গম পাইছিলো যে যুৱকজন অকলে মন্দিৰলৈ আহিছিল। তেওঁ কিয় এনে কৰিছিল সেই বিষয়ে অনুসন্ধান কৰা হৈছে ।”

পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে ঘটনাটোক তীব্ৰ গৰিহণা দিছে আৰু এটা বিবৃতি আৰু তদন্তৰ নিৰ্দেশ দিছে।

Exit mobile version