ওদালগুৰিত ১১ কুইণ্টল গাঞ্জাসহ ড্ৰাগছ্ দাহন আৰক্ষী প্ৰশাসনৰ

আমি ড্ৰাগছ্মুক্ত অসমৰ সপোন বাস্তৱ কৰিব লাগিব : বিষ্ণৈ

WhatsApp Image 2021 12 20 at 6.25.47 PM

ওদালগুৰি আদালতৰ নিৰ্দেশ মৰ্মে আজি জিলা প্ৰশাসন তথা আৰক্ষীয়ে ওদালগুৰিৰ বাহিনীগাঁও কাহিনলাৰ সমীপত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ড্ৰাগছ্ দাহ কৰে । বিশেষকৈ ২০২০-২১ত ওদালগুৰি জিলাৰ বিভিন্ন থানাৰ অন্তৰ্গত এলেকাত জব্দ হোৱা ড্ৰাগছ্, অপিয়াম, হেৰ’ইনসহ ড্ৰাগছ্খিনি দাহ কৰা হয় ।

জিলাখনৰ প্ৰধানকৈ ওদালগুৰি সদৰ, কলাইগাঁও, টংলা, ৰৌতা, মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত বিগত দুটা বছৰত ২৮টাকৈ গোচৰত জব্দ হোৱা ১১ কুইণ্টল গাঞ্জা, ২৪০ গ্ৰাম অপিয়াম আৰু পাঁচ গ্ৰাম হেৰ’ইন সন্দৰ্ভত ওদালগুৰি আদালতত চলা গোচৰ নিষ্পত্তিৰ অন্তত আজি ড্ৰাগছ্খিনি দাহ কৰা হয় । এই বৃহৎ পৰিমাণৰ ড্ৰাগছত অগ্নি সংযোগ কৰে বিটিআৰৰ বিশেষ আৰক্ষী প্ৰধান‌ (প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী) তথা বিটিআৰৰ আইজিপি এল‌ আৰ বিষ্ণৈয়ে ।

ড্ৰাগছ্ দাহৰ অন্তত সাংবাদিকৰ স’তে হোৱা সাক্ষাৎকাৰত বিষ্ণৈয়ে কয়, “আদালতৰ নিৰ্দেশ মৰ্মে আমি আজি এই ড্ৰাগছ দাহন কৰিছো । আমি সকলোৱে ড্ৰাগছক এই সমাজৰ পৰা বিদায় দিব লাগিব । ইয়াৰ দ্বাৰা আমি দেখি থকা ড্ৰাগছ্মুক্ত অসমৰ সপোন বাস্তৱত ৰূপায়ন কৰাত সফল হ’ম । আজি দাহ কৰা মুঠ ২৮টা গোচৰৰ ভিতৰত ২০২০ বৰ্ষৰ ১৪টা আৰু ২০২১ বৰ্ষৰ ১৪টা গোচৰৰ ভিত্তিত এই ড্ৰাগছসমূহ জব্দ কৰা হৈছিল । ইয়াৰ পূৰ্বে আমি ২০২০ বৰ্ষৰ আগৰ গোচৰসমূহৰ ভিত্তিত জব্দ হোৱা ড্ৰাগছসমূহ ইতিমধ্যে দাহ কৰিছো । আজি দাহ কৰা ড্ৰাগছসমূহৰ ভিতৰত আছিল বৃহৎ পৰিমাণৰ গাঞ্জা । ওদালগুৰি জিলাখন অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্মী জিলা হোৱা বাবে ৰাজ্যখনৰ ইষ্ট কামেং আৰু ওৱেষ্ট কামেং জিলাত গাঞ্জাৰ যথেষ্ট খেতি হয় । ফলত অৰুণাচল প্ৰদেশৰ পৰা ওদালগুৰিৰ মাজেৰে অসমৰ বিভিন্ন প্ৰান্তলৈ এই গাঞ্জাসমূহ প্ৰেৰণৰ বাবে ব্যৱসায়ীসকলে পৰিকল্পনা কৰে । কিন্তু অসম আৰক্ষীয়ে তেওঁলোকৰ পৰিকল্পনাক সফল হ’বলৈ নিদি উক্ত নিছাযুক্ত ড্ৰাগছসমূহ জব্দ কৰি আহিছে ।”

তেওঁ লগতে কয়, “বৰ্তমান গাঞ্জাৰ সৰবৰাহ পূৰ্বতকৈ হ্ৰাস পাইছে যদিও ২০২১ৰ পৰা অপিয়াম, হেৰ’ইন, ব্ৰাউন ছুগাৰ ড্ৰাগছৰ সৰবৰাহ পূৰ্বৰ তুলনাত বৃদ্ধি পাবলৈ ধৰিছে । ফলত এনে ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযানো পূৰ্বৰ তুলনাত কে’বাগুণো বৃদ্ধি কৰিছো । যিকোনো প্ৰকাৰে যুৱ প্ৰজন্মক ধ্বংস কৰা এই মাৰাত্মক বিষ ড্ৰাগছৰ সৰবৰাহ বন্ধ হ’বই লাগিব । এদিনতে এনে কাম কৰা সম্ভৱ নহয়, আমি আমাৰ অভিযান ধাৰাবাহিক ভাৱে অব্যাহত ৰাখিম । ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে চাৰিটা কাৰ্যপন্থা হাতত লৈছো । প্ৰথমে বিভিন্ন স্থানত আৰক্ষীৰ দ্বাৰা সজাগতা সৃষ্টি কৰি আছো । ৰাজ্যত ড্ৰাগছৰ হটস্পট হিচাপে চিহ্নিত হোৱা অঞ্চলসমূহলৈ আমি গৈ তাত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছো । দ্বিতীয়তে আমি এনে ড্ৰাগছৰ বেহা চলোৱা, সৰবৰাহকাৰী তথা সন্দেহজনক ড্ৰাগছ্ আসক্তক আটক কৰি ড্ৰাগছ্ উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছো । তৃতীয় পদক্ষেপ হিচাপে আমি ড্ৰাগছ্ সংক্ৰান্তীয় এনডিপিএছ গোচৰসমূহৰ ক্ষেত্ৰত তদন্ত কৰিবলৈ আৰক্ষীসকলক উচ্চমানৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছো । যাতে এনে গোচৰৰ ক্ষেত্ৰত যাতে তদন্তৰ সময়ত বিষয়াগৰাকীয়ে ভুল নকৰি উপযুক্ত দোষীয়ে যাতে সময়মতে শাস্তি লাভ কৰে । লগতে চতুৰ্থ পদক্ষেপ হিচাপে আমি পূৰ্বৰে পৰা ড্ৰাগছ্‌ আসক্ত লোকক ড্ৰাগছ্‌মুক্ত কৰাৰ পৰিকল্পনা কৰা । এনেবোৰ পদক্ষেপৰ দ্বাৰা অসম আৰক্ষীয়ে ৰাজ্যখন ড্ৰাগছ্‌মুক্ত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ।”

এই ক্ষেত্ৰত আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে । আজি দাহ হোৱা গাঞ্জাসহ ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় দুই-তিনি কোটি টকা হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰি ইয়াৰ দ্বাৰা লাখ লাখ মানুহৰ জীৱন ৰক্ষা হোৱা বুলিও উল্লেখ কৰে । আজিৰ এই ড্ৰাগছ্‌ দাহন কাৰ্যসূচীত জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীন, আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মণ, অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মহেন্দ্ৰ হাজৰিকাৰ লগতে আৰক্ষী বিষয়া আৰু স্থানীয় লোক উপস্থিত থাকে ।

Exit mobile version