মাস্কে পুনৰ ৰচিব ইতিহাস, আদায় দিব ৮৫,০০০ কোটি টকাৰ কৰ

1358939085.0

বিশ্বখ্যাত বৈদ্যুতিক গাড়ী নিৰ্মাতা মাৰ্কিন প্ৰতিষ্ঠান টেছলাৰ স্বত্বাধিকাৰী তথা বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি এলন মাস্কে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰি আহিছে । এইবাৰ মাস্কে কৰ আদায়ৰ জৰিয়তে সংবাদ শিৰোনাম দখল কৰিলে ।

মাস্কে এক টুইটত উল্লেখ কৰা অনুসৰি, চলিত বৰ্ষত তেওঁ ১১ বিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৮৫,০০০ কোটি টকাৰ আদায় দিব । যদিহে ঘোষণা কৰা অনুসৰি মাস্কে এই কৰ আদায় দিয়ে, তেন্তে ইউ এছ ইণ্টাৰনেল ৰেভিনিউ ছাৰ্ভিছত কৰ আদায়ৰ ক্ষেত্ৰত নতুন অভিলেখ ৰচিত হ’ব ।

আজিলৈকে ইমান বৃহৎ পৰিমাণৰ কৰ কোনো মাৰ্কিন নাগৰিকে আদায় দিয়া নাই । চলিত মাহৰ আৰম্ভণিতে মাস্কে কৈছিল যে তেওঁ যি পৰিমাণৰ কৰ আদায় দিব সেই পৰিমাণৰ কৰ আমেৰিকাৰ ইতিহাসত কোনো ধনাঢ্য ব্যক্তিয়ে পূৰ্বে আদায় দিয়া নাছিল । কিছুদিন পূৰ্বে বিশ্ববিখ্যাত ‘টাইম’ আলোচনীয়ে মাস্কক চলিত বৰ্ষৰ ‘পাৰ্ছন অৱ দ্য ইয়েৰ’ সন্মান প্ৰদান কৰিছিল ।

Exit mobile version