Delhi Mohalla Clinic : ঔষধত বিষক্রিয়া ! দিল্লীৰ মহল্লা ক্লিনিকে দিয়া ঔষধ খাই মৃত্যু তিনি শিশুৰ

delhi mohalla clinic 1639989867

ঔষধৰ বিষক্রিয়াত ৰাজধানী দিল্লীত তিনি শিশুৰ মৃত্যুৰ অভিযোগ । মহল্লা ক্লিনিকৰ তিনি চিকিৎসকে এই ঔষধ দিছিল বুলি অভিযোগ উত্থাপিত হৈছে । তেওঁলোকক শীঘ্ৰে নিলম্বিত কৰে দিল্লীৰ কেজৰিৱাল চৰকাৰে । তদন্তৰ নির্দেশ দিয়া হৈছে । বিজেপি আৰু কংগ্রেছে মুখ্যমন্ত্রী কেজৰিৱাল আৰু স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনৰ পদত্যাগ দাবী কৰিছে ।

তিনি শিশুৰ শাৰীৰিক অৱস্থাৰ অবনতি ঘটাত তেওঁলোকক কেন্দ্রীয় চৰকাৰ পৰিচালিত কলাবতী শৰণ শিশু হাস্পাতালত ভর্তি কৰা হৈছিল । তাতেই তেওঁলোকৰ মৃত্যু হয় । হাস্পাতাল সূত্রে খবৰ, ২৯ জুনৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত শ্বাস-প্রশ্বাসৰ সমস্যাক লৈ একৰ পৰা ছবছৰ বয়সীয়া ১৬টি শিশু ভর্তি হৈছে কলাবতী শৰণ শিশু হাস্পাতালত ।

হাস্পাতালখনৰ নাম প্রকাশত অনিচ্ছুক এগৰাকী চিকিৎসকে কয়, ‘‘তেওঁলোকৰ শ্বাসকষ্টৰ সমস্যা আছিল । সংকটজনক অৱস্থাত তিনি শিশুক হাস্পাতালত অনা হৈছিল । বহু চেষ্টা কৰিও প্ৰাণ ৰক্ষা কৰিব নোৱাৰে । কাফ ছিৰাপৰ পার্শ্বপ্রতিক্রিয়াৰ ফলতেই এনে অৱস্থা হৈছে বুলি অনুমান কৰা হৈছে ।’’

দিল্লীৰ স্বাস্থ্যমন্ত্রী সত্যেন্দ্র জৈনে জনায়, ‘‘শিশু মৃত্যুৰ ঘটনাত তিনি চিকিৎসকক নিলম্বন কৰা হৈছে । তদন্তৰ নির্দেশ দিয়া হৈছে । দোষীসকলক শাস্তি বিহা হ’ব ।’’

Exit mobile version