Weight Loss Tips : খাদ্যৰ পৰিমাণ কম নকৰাকৈয়ে ওজন কমাব বিচাৰে ? মানি চলক এইকেইটা কথা

r6ni3r6o weight

বহুতে ভাবে কম পৰিমাণে খালে শৰীৰৰ ওজন কমিব । পেট খালি ৰাখি কষ্ট নকৰিলেও যে ওজন কমাব পাৰি, সেয়া অধিকাংশই নামানে । পৰিমিত হাৰত খাদ্য গ্ৰহণ কৰিও ক্ষীণ হ’ব পাৰি । যদি অলপ ভাবি-চিন্তি খাদ্য গ্ৰহণ কৰা হয়, তেতিয়াই এয়া সম্ভৱ হ’ব ।

খাদ্যৰ পৰিমাণ নকমোৱাকৈয়ে যদি ওজন কম কৰিব বিচাৰে, তেন্তে লক্ষ্য ৰাখক এই কেইটা বিষয়ত —

১) খনিজ পদার্থৰে পৰিপূৰ্ণ খাদ্য গ্ৰহণ কৰক । ফল, শাক-পাচলি, বাদাম অধিক পৰিমাণে খাব লাগে । এই ধৰণৰ খাদ্যৰ পুষ্টিগুণ অধিক, কিন্তু কেলৰী কম থাকে । ফলত ওজন বৃদ্ধিৰ শংকা হ্ৰাস পায় ।

২) খাদ্যৰ পৰিমাণ যিয়ে নহ‌ওক, অধিক মাত্ৰাত‌ চেনি গ্ৰহণ কৰিব নালাগে । সামান্য পৰিমাণৰ চেনিয়েও দ্রুত ওজন বঢ়াব পাৰে । লগতে ডায়েবিটিছ, কৰ্কট ৰোগৰ শংকাও বৃদ্ধি কৰে ।

৩) যথেষ্ট পৰিমাণে প্র’টিন গ্ৰহণ কৰা অত্যন্ত জৰুৰী । প্ৰ’টিনে পেশীৰ শক্তি বৃদ্ধি কৰে । দিনটোত তিনি বেলা কম পৰিমাণে প্র’টিন গ্ৰহণ কৰিলে বহু সময়লৈকে পেট ভর্তি হৈ থাকে । ফলত কামৰ মাজতে ভজা-পুৰা, মিঠাৰ দৰে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণৰ প্রতিও অনিহাৰ সৃষ্টি হয় ।

৪) কামৰ মাজত শৰীৰচর্চাৰ সময় নাপায় ? তেনেহ’লে ঘৰৰ এনে কিছুমান কাম কৰক, যাৰ দ্বাৰা শৰীৰ কচৰৎ হয় । যেনে ঘৰ পৰিষ্কাৰ কৰা, কাপোৰ ধোৱা, ৰন্ধন । এইসমূহ বিষয়ত লক্ষ্য ৰাখিলে কম খাদ্য কমকৈ গ্ৰহণ কৰি কষ্ট কৰিব নালাগিব ।

Exit mobile version