Tax Fraud : ব্যৱসায়ীৰ গৃহত উদ্ধাৰ প্রায় ১৫০ কোটি টকা, তদন্ত আয়কৰ বিভাগৰ

150 Crore Found At UP Businessman Home In Tax Raid

যিফালে‌ চাই, সিফালেই টকাৰ নোট ! পীযূষ জৈন নামে কানপুৰৰ এজন ব্যৱসায়ীৰ গৃহত তালাচী চলাই ১৫০ কোটিৰ নোট উদ্ধাৰ কৰিছে আয়কৰ বিভাগে । লগতে তেওঁৰ একাধিক সংস্থাতো তালাচী চলোৱা হৈছে । কানপুৰৰ আয়কৰ বিভাগে প’ষ্ট কৰা ছবিত দেখা গৈছে, বিষয়াসকলে মাটিত নোটৰ স্তূপত বহি মেচিনৰ সহায়ত টকা গণনা কৰিছে ।

অন্য ছবিত দেখা গৈছে, পীযূষৰ ঘৰৰ আলমাৰীত ভর্তি হৈ আছে টকা । নোটবোৰ সৰু সৰু বাকচত ৰখা হৈছে । হালধীয়া টেপেৰে বাকচৰ মুখ বন্ধ কৰা আছে । আয়কৰ বিভাগ সূত্রে জনোৱা হৈছে, শুকুৰবাৰে পুৱা পর্যন্ত ১৫০ কোটি টকাৰ নোট উদ্ধাৰ কৰা হৈছে । কানপুৰৰ লগতে মুম্বাইতো পীযূষৰ কাৰ্যালয়ত তালাচী চলোৱা হৈছে ।

কৰ ফাঁকি দিয়াৰ অভিযোগতেই আয়কৰ বিভাগৰ বিষয়াসকলে তালাচী চলাইছে । বিষয়াসকলে জনাইছে, ব্যৱসায়ীজনৰ বিৰুদ্ধে ভুৱা ইনভয়েছ দি সামগ্ৰী পঠোৱা, ই-ৱে বিল অবিহনে সামগ্ৰী পঠোৱাৰ অভিযোগ উত্থাপিত হৈছিল । ভুৱা সংস্থাৰ নামতো ইনভয়েছ তৈয়াৰ কৰাৰ অভিযোগ আছিল । ৫০ হেজাৰ টকাৰ দুশটা এনে ভুৱা ইনভয়েছ পোৱা গৈছে বুলি অভিযোগ পীযূষৰ সংস্থাৰ বিৰুদ্ধে ।

আয়কৰ বিভাগৰ বিষয়াসকলে প্রথমে আনন্দপুৰীত পীযূষৰ ঘৰত তালাচী চলায় । তাতেই উদ্ধাৰ হয় ১৫০ কোটিৰ নোট । পীযূষৰ সুগন্ধী দ্রব্যৰ ব্যৱসায় আছে । লগতে তেওঁৰ কোল্ড ষ্টোৰ, পেট্র’ল পাম্পৰো ব্যৱসায় আছে । তেওঁ মুম্বাইৰ এটা শ্ব’-ৰুমৰ স্বত্বাধিকাৰী । কানপুৰত আয়কৰ বিভাগৰ বিষয়াসকলৰ স’তে মুম্বাইৰ বিষয়াসকলেও যোগ দিয়ে তালাচী অভিযানত ।

Exit mobile version