Punjab Election : পঞ্জাৱত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ‘সংযুক্ত সমাজ মোর্চা’ই

pic

একজোঁট হৈ কৃষক সংগঠনবোৰে পঞ্জাৱ বিধানসভা নির্বাচনত সমস্ত আসনত প্ৰতিদ্বন্দিতা কৰিব । শনিবাৰে প্ৰকাশ্যত আহিছে নতুন ‘সংযুক্ত সমাজ মোর্চা’ । যি ৩২টা কৃষক সংগঠনে ‘সংযুক্ত কিষান মোর্চা’ গঠন কৰি সদ্য বাতিল কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে, তাৰ ভিতৰত ২২টাই নতুন মোর্চাত আহিছে । ভাৰতীয় কিষান ইউনিয়ন (ৰাজেৱেল)-ৰ নেতা বি এছ ৰাজেৱেলে নেতৃত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা । নিৰ্বাচনত আম আদমি পার্টীৰ (আপ)ৰ স’তে নতুন মোর্চাৰ জোঁট বন্ধাক লৈ জল্পনা চলিছে ।

লোকসভা নিৰ্বাচনৰ আগতে, অহা ফেব্রুৱাৰী-মার্চত বিধানসভা নির্বাচন আছে কৃষিপ্রধান ৰাজ্য দুখনত, বিজেপিৰ দখলত থকা উত্তৰ প্রদেশ আৰু কংগ্রেছৰ দখলত থকা পঞ্জাৱত । চলিত মাহতেই প্রথমবাৰ পঞ্জাৱৰ আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে সংযুক্ত সংঘর্ষ পার্টীৰ নেতা গুৰনাম সিং চাদুনিএ । তাৰ এসপ্তাহ পাছতেই ‘সংযুক্ত সমাজ মোর্চা’ গঠন হোৱাত নিৰ্বাচনৰ আগতে কৃষক সংগঠনসমূহক নতুন নতুন দল গঠন কৰা দেখা যাব বুলি ধাৰণা কৰিছে অনেকে । সাংবাদিক বৈঠকত দাবী কৰা হৈছে, ‘সংযুক্ত সমাজ মোর্চা’ত যোগ দিবলৈ তৈয়াৰ আৰু তিনিটা কৃষক সংগঠন । সংগঠনসমূহৰ লগত আলোচনা চলিছে ।

আজি সংযুক্ত কিষান মোর্চাই জনায়, তেওঁলোক প্রায় চাৰিশ সংগঠনৰ এটা মঞ্চ‌ । পৃথক পৃথক মতাদর্শৰ প্ৰতি লক্ষ্য ৰাখি সেয়ে এই বেনাৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নহ’ব । তাৰ কিছু ঘণ্টা পাছতেই, ভাৰতীয় কিষান ইউনিয়ন (কাদিয়ান)ৰ হৰমিত সিং কাদিয়ানে আজি কয়, ‘‘সংযুক্ত কিষান মোর্চা এটা বৃহৎ ছাতি । আমি আন্দোলনত জয়ী হৈছো । কিন্তু উভতি অহাৰ পাছত আমাৰ ওপৰত চাপ আছিল । যদি যুদ্ধত জয়ী হ’ব পাৰো, তেনেহ’লে নিৰ্বাচনতো পাৰিম । সেয়ে জনতাৰ দাবী মানি সংযুক্ত সমাজ মোর্চাই আত্মপ্রকাশ কৰিছে ।’’ পঞ্জাৱৰ ১১৭টা বিধানসভা আসনৰ সকলোতেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনাইছে তেওঁলোকে ।

বি এছ ৰাজেৱালে কয়, ‘‘আমি প্রথমেই গাঁও স্তৰত সংগঠন শক্তিশালী কৰি তুলিব লাগিব… সাধাৰণ জনতাৰ মাজত ।’’ আপ-ৰ স’তে জোঁটৰ প্রসংগত তেওঁৰ মন্তব্য, ‘‘কোনো আলাপ-আলোচনা হোৱা নাই । সম্পূৰ্ণ সংবাদ মাধ্যমৰ জল্পনা ।’’

বিগত বৰ্ষৰ ছেপ্টেম্বৰত পাছ হোৱা কৃষি আইন তিনিটাৰ বিৰুদ্ধে আন্দোলন চলিছিল । সেই বছৰৰ নৱেম্বৰৰ পৰা দিল্লীৰ সীমান্তত অৱস্থান কৰিছিল পঞ্জাৱ, উত্তৰ প্রদেশ, রাজস্থান আৰু হৰিয়ানাৰ প্রচুৰ কৃষকে । বিজেপিৰ নেতাসকলে বিক্ষোভৰত কৃষকসকলৰ বিৰুদ্ধে নানা কথা কয় যদিও অবশেষত, যোৱা মাহত বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

Exit mobile version