১৫-১৮ বছৰ বয়সৰসকলক কি কৰ’না টিকা দিয়া হ’ব ? অন্যসকলে কি টিকা পাব ?

669436

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিমধ্যে জনাইছে, আগন্তুক বৰ্ষৰ তিনি জানুৱাৰীৰ পৰা দেশত ১৫ৰ পৰা ১৮ বছৰ বয়সৰসকলৰ কৰ’না টিকাকৰণ প্রক্রিয়া আৰম্ভ হ’ব ।

ভাৰতত প্ৰস্তুত হোৱা কৰ’না টিকাসমূহৰ‌ ভিতৰত অন্যতম হ’ল ভাৰত বায়’টেকৰ ক’ভাক্সিন । এইবাৰ ভাৰতত ১৫ৰ পৰা ১৮ বছৰ বয়সৰসকলক দিয়া হ’ব এই ক’ভাক্সিন । কাৰণ দেশত ১৮ বছৰৰ কম বয়সৰসকলৰ ক’ভিড টিকাকৰণৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিছে একমাত্র ভাৰত বায়’টেকৰ ক’ভাক্সিনে । বৰদিনৰ দিনাখনে ঘোষণা কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জনায়, আগন্তুক বৰ্ষৰ তিনি জানুৱাৰীৰ পৰা দেশত ১৫ৰ পৰা ১৮ বছৰ বয়সৰসকলৰ কৰ’না টিকাকৰণ প্রক্রিয়া আৰম্ভ হ’ব । ইপিনে, ৬০ বছৰৰ ঊৰ্ধ্বৰ আৰু ক’ভিড যোদ্ধাসকলক তৃতীয় ড’জত সেই টিকাই দিয়া হ’ব, যি টিকা তেওঁলোকে প্রথম দুই ড’জত লাভ ‌কৰিছে ।

দেশবাসীক উদ্দেশ্যি ভাষণত প্রধানমন্ত্রীয়ে জনাইছে যে আগন্তুক বছৰৰ ১০ জানুৱাৰীৰ পৰা কৰ’নাৰ ‘প্রিক’ছন ড’জ’ দিয়া হ’ব দেশত ৷ প্রথমে এই ড’জ লাভ কৰিব কো-মর্বিডিটী থকা ৬০ বছৰৰ ঊৰ্ধ্বৰ নাগৰিকসকলে আৰু চিকিৎসক স্বাস্থ্যকর্মীসকলে ৷ অৱশ্যে ‌৬০ বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ ক্ষেত্রত বুষ্টাৰ ড’জ গ্ৰহণৰ বাবে চিকিৎসকৰ প্রেছক্রিপছন দেখুৱাব নালাগে ।

ইপিনে, ইণ্ডিয়ান পাবলিক হেল্থ এছ’চিয়েচনৰ সভাপতি তথা এইমছৰ চিকিৎসক ডক্টৰ সঞ্জয় কুমাৰ ৰায়ে কালি দাবী কৰে, শিশুসকলৰ ভেকচিনেছনক লৈ কেন্দ্রৰ তৰফৰ পৰা যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, সেয়া সম্পূর্ণৰূপে ‘অবৈজ্ঞানিক’ । উল্লেখ্য, এইমছৰ তলফৰ পৰা ক’ভাক্সিনৰ ট্রায়েল পৰ্যবেক্ষণ কৰাৰ ভাৰ তেওঁৰ ওপৰতেই আছিল । তেওঁৰ মতে, শিশুসকলৰ টিকা দিয়াৰ এই সিদ্ধান্তৰ ফলত কোনো সুবিধা পোৱা নাযাব । তেওঁৰ মতে, শিশুসকলক ভেকচিন দিয়াক লৈ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, সেই সিদ্ধান্ত লোৱাৰ আগতে এই ইছ্যুত বিভিন্ন দেশৰ ডেটা সংগ্রহ কৰি বিষয়টো পৰ্যবেক্ষণ কৰা উচিত আছিল ।

Exit mobile version