৩৬খন দেশত দিয়া হৈছে বুষ্টাৰ প্ৰতিষেধক, অ’মিক্রন প্ৰতিৰােধত ৭০-৯৪ শতাংশ কার্যকৰী

1618344437 7656

কৰ’না নতুন প্রজাতি অমিক্রনৰ ব্যাপক সংক্রমণৰ প্রতি লক্ষ্য ৰাখি বিশ্বৰ বিভিন্ন দেশে ক’ভিডৰ বুষ্টাৰ অর্থাৎ তৃতীয় পালি প্রতিষেধক প্ৰদানৰ অনুমতি দিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বৰ্তমানলৈকে বিশ্বৰ ৩৬খন দেশত তৃতীয়পালি ক’ভিড প্রতিষেধক নাগৰিকক প্রদান কৰা হৈছে।

প্রথমে ইজৰাইলত যােৱা আগষ্টত বুষ্টাৰ প্রতিষেধক প্রদান আৰম্ভ কৰা হৈছিল। ইয়াৰ পাছত ব্রিটেন, ফ্রান্স, স্পেইন, নৰৱে, জার্মানী, আমেৰিকা, কানাডা, জাপান, চীন, তুৰস্কৰ দৰে দেশে বুষ্টাৰ প্ৰতিষেধক প্রদানত অনুমতি দিছিল।

ব্রিটেইনৰ হেলথ ছিকিউৰিটি এজেন্সীৰ তথ্য অনুসৰি, ক’ভিডৰ নতুন প্রজাতি অ’মিক্রন প্ৰতিৰােধৰ ক্ষেত্ৰত বুষ্টাৰ প্রতিষেধক ৭০ৰ পৰা ৯৪ শতাংশলৈকে কার্যকৰী প্রমাণিত হৈছে।

Exit mobile version