Desmond Tutu : এটা অধ্যায়ৰ অৱসান, প্রয়াত ডেছমণ্ড টুটু

gettyimages 151979340 slide 16ad96fab73fb8f691279c7fe541b9e5b67e26f8 s800 c85

দক্ষিণ আফ্রিকাৰ আর্চবিশ্বপ, নোবেল শান্তি বঁটাজয়ী ডেছমণ্ড টুটুৰ দেহাৱসান । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯০ বছৰ । দীর্ঘদিন ধৰি কৰ্কট ৰোগত আক্রান্ত হৈ‌ আছিল আর্চবিশ্বপ টুটু । দেওবাৰে তেওঁৰ মৃত্যু হয় ।

দক্ষিণ আফ্রিকাত শ্বেতাংগ বর্ণবাদী শাসনৰ অৱসানত টুটুৱে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল । ১৯৮৪ত তেওঁ নোবেল শান্তি বঁটা লাভ কৰিছিল । তেওঁ নেলছন মেণ্ডেলাৰ সমসাময়িক‌ আছিল । জন্ম ১৯৩১ত । ১৯৮৬ত তেওঁ কেপটাউনৰ প্রথম কৃষ্ণাংগ বিশ্বপ । পদমর্যাদা ব্যৱহাৰ কৰি কৃষ্ণাংগসকলৰ ওপৰত হোৱা অত্যাচাৰক লৈ সৰৱ হয় । অধিকাংশৰ মতে, তেওঁৰ প্রতিবাদ ৰাজনৈতিক নহয়, ধর্মীয় অৱস্থানৰ পৰা ।

১৯৯৭ত কৰ্কট ৰোগৰ অস্ত্রোপচাৰ হয় টুটুৰ । সাম্প্রতিক সময়ত বিভিন্ন অসুস্থতাক লৈ তেওঁক বহুবাৰ হাস্পাতালত ভর্তি কৰোৱা হৈছিল ।‌ ২০১০ত দক্ষিণ আফ্রিকাত বিশ্বকাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠানত প্রকাশ্যত নৃত্য কৰাও দেখা গৈছিল টুটুক ।

১৯৯৪ত নেলছন মেণ্ডেলা ৰাষ্ট্ৰপতি থাকাকালীন টুটুক ‘ট্রুথ এণ্ড ৰিকনসিছিলিয়েছন কমিছন’ গঠনৰ দায়িত্ব দিয়ে । শ্বেতাংগ শাসকৰ অপৰাধ উন্মোচিত হয় । পাছত দক্ষিণ আফ্রিকাৰ চৰকাৰ আৰু স্বাধীনতা আন্দোলনত নেতৃত্ব দিয়া আফ্রিকান নেছনেল কংগ্রেছৰ ব্যর্থতাক লৈও তেওঁৰ দৃঢ় অৱস্থান দেখা যায় । এলজিবিটি-সকলৰ অধিকাৰক লৈও তেওঁ সৰৱ হয় । পাছত অৱশ্যে দুঃখিত হয় যে স্বপ্ন দেখিছিল, সেয়া পূৰ্ণ হৈ নুঠিল ।

টুইটাৰত ৰাষ্ট্ৰপতি ছিৰিল ৰামাফোছাই টুটুৰ দেশপ্রেমৰ লগতে বিচক্ষণতা আৰু আদর্শবাদৰ কথা স্মৰণ কৰে ।

শোক প্রকাশ কৰিছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও । তেওঁ কয়, ‘‘আর্চবিশ্বপ টুটুৱে বিশ্বৰ অসংখ্য মানুহক পোহৰৰ পথ প্ৰশস্ত কৰিছে ।’’ ৰাহুল গান্ধীয়ে তেওঁক কয়, ‘সকলোৰে অনুপ্রেৰণা’‌ । দলাই লামাই শোকবার্তাত টুটুক ‘প্রকৃত মানৱতাবাদী’ বুলি উল্লেখ কৰিছে ।

Exit mobile version