পাঁচ ৰাজ্যত নিৰ্বাচন হ’ব নে ? জানুৱাৰীত সিদ্ধান্ত ল’ব আয়োগে

81869230

দেশৰ পাঁচ ৰাজ্যত ২০২২ত অনুষ্ঠিত হ’ব লগা বিধানসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত অহা জানুৱাৰীত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে । আয়োগে ২০২২ৰ জানুৱাৰীত স্বাস্থ্য বিভাগৰ বিষয়াৰ স’তে এখন বৈঠকত মিলিত হ’ব আৰু ইয়াৰ পাছতে পাঁচ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰা অথবা স্থগিত ৰখাৰ সন্দৰ্ভত সিদ্ধান্ত ল’ব ।

দৰাচলতে কালি নিৰ্বাচন আয়োগে স্বাস্থ্য বিভাগৰ বিষয়াৰ স’তে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল । এই বৈঠকত পাঁচ ৰাজ্য উত্তৰ প্রদেশ, উত্তৰাখণ্ড, গোৱা, পঞ্জাৱ আৰু মণিপুৰৰ কৰ’না সংক্ৰমণৰ বিষয়টো আলোচনা কৰে ।

এই পাঁচ ৰাজ্যত ২০২২ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । আয়োগে পাঁচ ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুসৰি অহা জানুৱাৰীত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব ।

Exit mobile version