বজালী জিলাত উপায়ুক্তৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডত আকস্মিক পৰিদৰ্শন

WhatsApp Image 2021 12 28 at 6.19.50 PM

বজালী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ নেতৃত্বত সাত গৰাকী প্ৰশাসনিক বিষয়াই আজি জিলাখনৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডত আকস্মিক পৰিদৰ্শন অভিযান চলায়।

দিনৰ প্ৰায় বাৰ বজাত জিলা উপায়ুক্ত দেৱ চৌধুৰীয়ে ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰি কেতবোৰ দুৰ্বল আন্তঃগাথঁনি, শৌছাগাৰ,প্ৰস্ৰাৱগাৰৰ দুৰৱস্থা, কেবাগৰাকীও শিক্ষকৰ অনুপস্থিতি প্ৰত্যক্ষ কৰে।

লগতে বিদ্যালয়ৰ অনুপস্থিত শিক্ষক সকললৈ বিভাগীয়ভাৱে কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰা হ’ব বুলি জিলা উপায়ুক্ত গৰাকীয়ে স্পষ্ট কৰি দিয়ে।

আকস্মিক পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে কয় যে ,শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ তথা মানৱ সম্পদ উন্নয়ন সঠিকভাৱে পৰিচালিত হোৱাৰ উদ্দেশ্যে আৰু দুয়োটা খণ্ডৰ উন্নয়নেৰে ৰাইজক উপকৃত কৰাৰ উদ্দেশ্যে বজালী জিলাত আজি দ্বিতীয় পৰ্যায়ৰ আকস্মিক পৰিদৰ্শন কৰা হৈছে।

বজালী জিলা উপায়ুক্তৰ লগতে সাত গৰাকী প্ৰশাসনিক বিষয়াই বজালী জিলাৰ ভিন্ন প্ৰান্তত শিক্ষা আৰু স্বাস্থ্য খণ্ডত আকস্মিক পৰিদৰ্শন কৰে বুলি জানিবলৈ দি উপায়ুক্ত গৰাকীয়ে কয় যে আজি বজালী জিলাৰ ৪২খন চৰকাৰী শিক্ষানুষ্ঠানত আকস্মিক পৰিদৰ্শন অভিযান চলায়।

জিলা উপায়ুক্ত গৰাকীয়ে নিজেই বাৰখন শিক্ষানুষ্ঠানত আকস্মিক পৰিদৰ্শন কৰে। কৰ্তব্যত গাফিলতি কৰা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে।

Exit mobile version