আকমাৰ মুখ্য উপদেষ্টা সঞ্জয় মাৰান্ডীৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ

d969fa7f b618 465f 81af de94828c8ee9

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ফাইলাগুৰি গাঁওৰ বাসিন্দা সঞ্জয় মাৰান্ডীৰ দেহাৱসান ।আকমাৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি আহিছিল মাৰান্ডীয়ে।

ইয়াৰ উপৰিও সঞ্জয় মাৰান্ডী এগৰাকী বিশিষ্ট সমাজ সেৱক হিচাপে পৰিচিত । স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ লগতে বিজেপি দলৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল।

তথ্য অনুসৰি বিজেপি দলৰ অ বি চি মৰ্চাৰ উপ সভাপতি তথা গ্ৰাহামপুৰ সমবায় সমিতিৰ চেয়াৰমেন সঞ্জয় মাৰান্ডীৰ ৰাতিপুৱা প্ৰায় ছয় মান বজাত অতিৰিক্ত ৰক্তচাপ হোৱাত আকস্মিক মৃত্যু হয় ।

কোকৰাঝাৰ জিলাৰ গ্ৰাহমপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ফাইলাগুৰিৰ বাসিন্দা সঞ্জয় মাৰান্ডী মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত ১৯৯৬ চনত গঠিত বিদ্ৰোহী সংগঠন আকমাৰ মুখ্য উপদেষ্টা হিচাপে দায়িত্ব পালন কৰি আহিছিল।

কোকৰাঝাৰ জিলা অ বি চি মৰ্চাৰ উপ সভাপতিৰ দায়িত্বত আছিল মাৰান্ডী । আজি বিয়লি তেওঁৰ জৰ্ম স্থান ফাইলাগুৰি স্কুল খেল পথাৰত অগণন ৰাইজৰ লগতে যুদ্ধ বিৰত আদিবাসী পাঁচটা সংগঠনৰ নেতৃত্বতৰ উপৰি বিজেপি দলৰ কৰ্ম কর্তাই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

Exit mobile version