শালবাৰীৰ হতাপাৰাত বিপিএফৰ যোগদান সভা

দেৰশতাধিকৰ বিপিএফত যোগদান

WhatsApp Image 2021 12 29 at 5.44.38 PM

বাগসা জিলাৰ শালবাৰীৰ হতাপাৰাত আজি বিপিএফৰ এখন যোগদান সভা অনুষ্ঠিত হয় ৷ বিপিএফৰ শালবাৰী জিলা কমিটীৰ সভাপতি তথা এম চি এল এ জয় মুছাহাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিভিন্ন দল সংগঠনৰ প্ৰায় দেৰশতাধিক নেতা কৰ্মী আৰু সমৰ্থকে আনুষ্ঠানিকভাবে বিপিএফ দলত যোগদান কৰে ৷

উক্ত সভাত বিপিএফৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োই অংশগ্ৰহণ কৰি কয় যে বিটিচিত চৰকাৰৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে৷বিটিচিত ইউপিপিএল চৰকাৰে জনসাধাৰণক সমমৰ্যাদা,সম অধিকাৰ দিব পৰা নাই ।

বিটিচিৰ সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰাৰ ক্ষেত্ৰত ইউপিপিএল চৰকাৰ ব্যৰ্থ হৈছে ৷ বিটিচিৰ সকলো স্তৰৰ ৰাইজে উপলব্ধি কৰিছে যে এই চৰকাৰে বিটিচিৰ সকলো ধৰণৰ বিকাশ কৰাৰ ক্ষেত্ৰত সমৰ্থ হোৱা নাই৷

যাৰ বাবে আজি বিপিএফ দলৰ প্ৰতি আকৰ্ষিত হৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে দলে দলে যোগদান কৰিবলৈ আগবাঢ়ি আহিছে৷ইয়াতেই প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰৰ বিফলতা প্ৰমাণিত হৈছে৷

ৰাইজৰ উন্নয়নৰ বাবে যিখিনি কৰিব লাগে সেইখিনি আজি ইউপিপিএল চৰকাৰে কৰিব পৰা নাই ৷ বিটিচিৰ ৰাস্তাঘাটৰ লগতে বিভিন্ন দিশত উন্নতি হৈছিল কেবল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰৰ দিনতহে আৰু ৰাইজে সেয়া দেখিছে ৷

মুঠতে বিটিচিত বিপিএফ দলৰ বাদে আনে উন্নয়ন সম্ভৱ কৰিব নোৱাৰে ৷ ৰাজনীতিত পৰিৱৰ্তন অসম্ভৱ নহয়৷বিপিএফ দলৰো বহুকেইগৰাকী এমচিএলএ আছে৷গতিকে দিছপুৰে বিচাৰিলে চৰকাৰ পৰিৱৰ্তনত একো অসম্ভৱ নহ’ব৷দিশপুৰে বিটিচি কেনেকৈ চলাব বিচাৰি আছে তাৰ অংক বা পলিচি তেওঁলোকৰ হাততেই নিৰ্ভৰ কৰিব ।

ষষ্ঠ অনুসুচীৰ যিখিনি অধিকাৰ দিয়া আছে সেয়া সম্পূৰ্ণৰূপে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰখন বিফল হৈছে৷ বিটিচিৰ ১৬ টাকৈ বিভাগ যি এৰি দিয়া হৈছে সেয়া বিপিএফৰ দিনত নাছিল ৷ সভাখনত বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি মিলন বড়োই অংশ গ্ৰহণ কৰি দলৰ সাংগঠনিক ভেটি মজবুট কৰি তুলিবলৈ নতুনকৈ যোগদান কৰা সদস্যসকলক আহ্বান জনায়।

আজিৰ এই সভাখনত বি পি এফৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্যনিৰ্বাহক লোহিত দৈমাৰী, ফণীধৰ বসুমতাৰী, শালবাৰী জিলা কমিটীৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস,আখতাৰা বেগম আহমেদ,ফৰিদা খাতুনকে ধৰি ভালে সংখ্যক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

তথ্য অনুসৰি আজি এ আই ইউ ডি এফ, ইউ পি পি এলৰ আৰু বিজেপিৰ কেবা গৰাকী বিষয় ববীয়া কৰ্মী সমৰ্থকে বিপিএফত যোগদান কৰে।

Exit mobile version