‘দেশত পুনৰ ক’ভিডৰ উপদ্ৰৱ বৃদ্ধি পাব। কিছুদিনৰ ভিতৰতে দ্রুতভাৱে প্ৰসাৰিত হ’ব ক’ভিডৰ তৃতীয় টৌ। অৱশ্যে এই টৌ দীঘলীয়া নহ’ব। কম সময়ৰ বাবে উচ্চ হাৰৰ সংক্রামক অমিক্রনে ভাৰতক ত্রাসিত কৰিব। কেমব্রিজ বিশ্ববিদ্যালয়ৰ অধ্যয়নত এই তথ্য প্রকাশ পাইছে। ভাৰতত দৈনিক সংক্রমণৰ হাৰ বৃদ্ধি পােৱাৰ ফলত ক’ভিডৰ বিস্ফোৰক সংক্রমণৰ এটা সময় আহিব আৰু এই তীব্র বৃদ্ধিৰ সময় তুলনামূলকভাৱে কম হ’ব।’
কেমব্রিজ বিশ্ববিদ্যালয়ৰ জাজ বিজনেছ স্কুলৰ অধ্যাপক পল কাটুমানে এইদৰে কয়। ভাৰতৰ ক’ভিড পৰিসংখ্যাৰ তথ্য পঞ্জীয়ন ব্যৱস্থা প্রস্তুত কৰা পলে কয় যে কিছুদিনৰ ভিতৰতে সম্ভৱতঃ এই সপ্তাহৰ ভিতৰতে নতুন সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাব।
প্রতিদিনে অৱশ্যে কিমান সংক্রমণ হ’ব সেয়া পূর্বানুমান কৰাটো কঠিন বুলিও তেওঁ কয়। ভাৰতৰ ক’ভিড ট্ৰেকাৰৰ প্ৰস্তুতকর্তা পল আৰু তেওঁৰ গৱেষক দলে দেশজুৰি ভাৰতত সুতীব্র গতিত সংক্রমণৰ হাৰ বৃদ্ধি পাব বুলি আশংকা প্রকাশ কৰে।
শেহতীয়া এক প্রতিবেদনত তেওঁলােকে ছখন ৰাজ্যৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্রকাশ কৰে। বিগত তিনি সপ্তাহৰ ভিতৰত ভাৰতত বুধবাৰে সৰ্বাধিকসংখ্যক ৯,১৯৫ জন নতুনকৈ আক্রান্ত হয়। এই পর্যন্ত দেশৰ আক্ৰান্তৰ হাৰ তিনি কোটি ৪৮ লাখ। আনহাতে মৃতকৰ সংখ্যা চাৰি লাখ ৮০ হেজাৰ ৫৯২ জন।
ইতিমধ্যে আন এক বৃহৎ মহামাৰীৰ বাবে ভাৰতে অপেক্ষা কৰিছে। দেশৰ ৰাজধানী নতুন দিল্লীত ক’ভিডৰ নতুন প্রজাতি অমিক্রনৰ আতংকত চিনেমাগৃহ, বিদ্যালয়, ব্যায়ামাগাৰ আদি বন্ধ কৰি দিয়া হৈছে।
ৰাজহুৱা সমাবেশতাে বাধা নিষেধ আৰােপ কৰা হৈছে। নৈশ সান্ধ্যআইন জাৰি কৰাৰ লগতে পানশালা, ৰেস্তোৰাঁ, কার্যালয়তাে ৫০ শতাংশ উপস্থিতিৰ ব্যৱস্থা কৰা হৈছে।
চাৰি মাহৰ অধিক সময়ৰ পাছত সর্বাধিক পৰিমাণৰ নতুন সংক্রমণ মঙলবাৰে চিনাক্ত হােৱাৰ লগে লগে দিল্লী চৰকাৰে কঠোৰতা অৱলম্বন কৰে। ইপিনে, দেশৰ বিত্তীয় মহানগৰী মুম্বাইতাে সংক্ৰমণৰ সংখ্যা তীব্রভাৱে বাঢ়িছে।
মঙলবাৰৰ দিনটোতকৈ বুধবাৰে মুম্বাইত ৮২ শতাংশৰ অধিক লােক সংক্রমিত হয়। ২,৫১০ টা নতুন সংক্ৰমণৰ ঘটনাই মুম্বাইক কঁপাই তুলিছে। ৰাজ্যখনৰ মন্ত্রী আদিত্য থাকৰেই এক বৈঠকৰ অন্তত কয় যে দ্রুত সংক্ৰমণৰ প্ৰামুহূর্তত প্ৰতিৰােধী অৱস্থান গ্রহণ কৰিছে ৰাজ্য চৰকাৰে।
মুম্বাইৰ পৌৰ নিগমে হাস্পতাল আন্তঃগাঁথনিৰ বৃদ্ধিৰ লগতে অক্সিজেন আৰু দৰবৰ ব্যৱস্থাপনাও কৰিবলৈ পৰিকল্পনা ৰচিছে। একেদৰে দ্রুত টিকাকৰণৰ বাবে ব্যৱস্থা লােৱা হৈছে।
অহা ৩১ ডিচেম্বৰত নৱবৰ্ষৰ মুহূর্তত উদ্যাপনৰ সময়তে বন্ধ থাকিব মুম্বাই মহানগৰী। কিয়নাে সকলাে ৰাজহুৱা স্থান বন্ধ ৰখা হ’ব। নীতি-নিয়ম ভংগ কৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ হ’ব চৰকাৰ।ৰাজ্যখনৰ মন্ত্রী থাকৰে এইদৰে কয়।
কর্তৃপক্ষই নৱবর্ষ উদ্যাপনৰ সময়ত নিদের্শনা ভংগকাৰীসকলক জব্দ কৰিবলৈ ফ্লায়িং স্কোৱাডৰ ব্যৱস্থা কৰিছে। মন্ত্রীজনে কয় যে অতিশয় সাৱধানতা অৱলম্বনৰ লগতে নিশ্চিত টিকাকৰণৰ ব্যৱস্থাৰ বাবে যত্নপৰ হৈছে চৰকাৰ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, অ’মিক্রন প্রজাতিয়ে কঢ়িয়াই অনা বিপদ এতিয়াই বহু বেছি। বিশ্বজুৰি বিভিন্ন দেশত ই তাণ্ডৱৰ সৃষ্টি কৰিছে।