বজাৰ কঁপাবলৈ আহি আছে ই-বাইক গােৰ অত্যাধুনিক ই-স্কুটাৰ এবাৰ চার্জ দিলেই চলিব ১০০ কিলােমিটাৰ

ebikeGo Rugged electric scoote

জনপ্রিয় স্পেনিছ কোম্পানী ই-বাইক গােয়ে ভাৰতীয় বজাৰত অচিৰেই মুকলি কৰাৰ পৰিকল্পনা কৰিছে এখন অত্যাধুনিক ই-স্কুটাৰ ।

মুভি ই-স্কুটাৰ নামৰ এই নতুন বাহনখনক বিশেষভাৱে ভাৰতীয় বজাৰৰ বাবে প্রস্তুত কৰা হৈছে। এই বাহনখন ভাৰতত বিক্রী কৰাৰ লগতে বিদেশী বজাৰলৈও ৰপ্তানিৰ লক্ষ কোম্পানীটোৰ।

মুভি ই-স্কুটাৰৰ জৰিয়তে ভাৰতীয় বজাৰত খােপনি পুতিবলৈ চেষ্টা চলােৱা কোম্পানীটোৱে দাবী কৰিছে যে, পৰিৱেশ বান্ধৱ হােৱাৰ লগতে এই নতুন দুচকীয়া বাহনখন শক্তি ৰাহিকাৰী বুলিও প্রমাণিত হ’ব অদূৰ ভৱিষ্যতে।

এই স্কুটাৰখন বেটাৰী চালিত আৰু ইয়াৰ ওজন প্রায় ৮৩ কিলােগ্রাম । লগতে ইতিনি কিলােৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম। আনহাতে, বাহনখনৰ সর্বাধিক গতি ৬০ কিলােমিটাৰ পর্যন্ত কোম্পানীটোৱে দাবী কৰা মতে,এই বাইকখন এবাৰ মাত্র ফুল চার্জ দিলে একেৰাহে ই ১০০ কিলােমিটাৰ পর্যন্ত চলিব পাৰে।

ফলস্বৰূপে, বৃহৎ হাৰত শক্তি সঞ্চয় কৰিব পাৰি । তদুপৰি বাইকখনত আছে এটা অতিৰিক্ত বেটাৰীও, যাতে চার্জ শেষ হলে বেটাৰীটো এক নির্দিষ্ট স্থানলৈ লৈ গৈ সলনি কৰিব পাৰি।

ভাৰতৰ স্কুটাৰ বজাৰৰ পাঁচ শতাংশ দখল কৰাৰ লক্ষ্যৰে নির্মাণ কৰা এই বাহনখনৰ মূল্য সম্পর্কে অৱশ্যে অদ্যাপি একো ঘােষণা কৰা নাই কোম্পানীটোৱে।

Exit mobile version