মানাহত পৰ্যটকৰ বাহনলৈ বন্যহস্তীৰ চোঁচা

এটোম ফুটাই পৰ্যটকৰ দলৰ প্ৰাণৰক্ষা কৰিলে বনকৰ্মীয়ে

WhatsApp Image 2022 01 03 at 3.04.06 PM

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাহনলৈ এইবাৰ গঁড়ৰ চোঁচা নহয়, এইবাৰ পৰ্যটকৰ বাহনলৈ চোঁচা ল’লে উদ্যানখনৰ দুটাকৈ বনৰীয়া হাতীয়ে ৷ বাঁহবাৰী ৰেঞ্জৰ অন্তৰ্গত মথনগুৰিৰ পাঁচ মাইলত সংঘটিত হৈছে এই ঘটনা ৷

উল্লেখ্য যে কালি আবেলি কে’বাখনো পৰ্যটকৰ জীপ ভাৰত-ভূটান সীমান্তৱৰ্তী মানাহৰ মথনগুৰিৰ পৰা বাঁহবাৰীলৈ উভতি অহাৰ পথত দুটা বনৰীয়া হাতীয়ে পৰ্যটকৰ এখন জীপলৈ লক্ষ্য কৰি চোঁচা লৈ বাট আগুচি ধৰে ৷ পাছত জীপত থকা বন কৰ্মীয়ে এটোম ফুটাই বনৰীয়া হাতী দুটাক খেদাৰ চেষ্টা কৰে যদিও বহুসময় ধৰি বাট এৰি দিয়া নাছিল বনৰীয়া হাতী দুটাই ৷ অৱশেষত বহু সময় অপেক্ষা কৰি থকাৰ অন্তত বনৰীয়া হাতী দুটা আঁতৰি যোৱাৰ পাছত পৰ্যটক থকা জীপ কেইখন বাঁহবাৰীলৈ সুকলমে উভতি আহিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে মানহৰ প্ৰকাণ্ড গঁড় এটাই পৰ্যটকৰ জীপলৈ লক্ষ্য কৰি বহু দূৰ পৰ্যন্ত খেদি গৈছিল বাহন আৰু কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল পৰ্যটকৰ দলটো ৷

Exit mobile version