পৰ্যটকৰ বাবে মুকলি হ’ল চিৰাঙৰ কালামাটী

পৰ্যটকৰ বাবে মুকলি হ’ল চিৰাঙৰ কালামাটী । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চিৰাং জিলাৰ আমটেকা বনাঞ্চলৰ ভূটান সীমান্তত অৱস্থিত এই কালামাটীলৈ এতিয়া নিতৌ অসমৰ বিভিন্ন প্ৰান্তৰ লোকৰ সোত বৈছে প্ৰাকৃতিক সৌন্ধৰ্য উপভোগৰ বাবে।

নাম কালামাটী যদিও ইয়াত আচলতে কলা মাটীৰ সৰু পাহাৰ এখন আছে য’ত মানাহৰ জন্তুবোৰে নিতৌ সন্ধিয়া আহি কলা মাটী চেলেকি যায় । এই কালামাটীত কেৱল কলামাটীয়ে নহয় আছে সৌন্ধৰ্য্যৰে ভৰপুৰ বগা মাটী তথা ৰঙীন মাটীৰ শৃঙ্গ সমুহ য’ত পৰ্যটক সকলে ছেল্ফি লোৱাৰ বাবে হেতা ওপৰা কৰে।

ভূটানৰ সুউচ্চ পাহাৰ মালাৰ মাজেৰে বৈ আহিছে কুলু কুলু সুৰেৰে এটি নিজৰা । অৱশ্যে মানুহৰ কোলাহলৰ মাজত নোলায় যদিও হঠাতেই কেতিয়াবা দৃষ্টীগোচৰ হয় মানাহৰ জীৱ জন্তুবোৰো ।

ইয়াত ভোজ খোৱাৰ অনুমতি নাই যদিও পেকেট লাঞ্চ কৰিব পাৰিব। পুৱাৰে পৰা বিয়লি চাৰি বজালৈ মুকলি থাকে কালামাটী ।

কাৰণ পাঁচ ছয় বজাৰ ভিতৰতে জন্ত বোৰৰ আগমন হোৱা আৰম্ভ কৰে কালামাটীত। অসমৰ আন কোনো ঠাইত বিচাৰি নোপোৱা প্ৰাকৃতিক সৌন্ধৰ্য্য কালামাটীত পোৱা যায় বুলি জনায় পৰ্য্যটক সকলে।

যদিও ক’ভিডৰ বাবে ভাৰতৰ বাহিৰৰ পৰ্যটক নাহে এতিয়া। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহি ভৰি পৰে কালামাটীত। মানাহৰ অন্য প্ৰান্তৰ তুলনাত কালামাটী কম প্ৰচাৰ হোৱা বাবে জনসমাগম তুলনামুলক ভাৱে কম ।

এয়া আচলতে মা নাহৰ প্ৰথম সংযোজন কালামাটী। বহি : ৰাষ্ট্ৰৰ দৃশ্য অসমতে উপভোগ কৰিব পাৰিব কালামাটীত। চিৰাঙৰ ৩১ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা পোনে পোনে উত্তৰে আমগুৰি,কয়লাময়লা হৈ কালামাটীলৈ দুৰত্ব মাথো ৪৬ কি:মি: হে মাথো। বিটিআৰ তথা অসমৰ পৰ্য্যটন বিভাগলৈ পৰ্য্যটকৰ আহ্বান কালামাটীক গুৰুত্ব প্ৰদানৰ বাবে।

Exit mobile version