টেংকাৰৰ পৰা ৰাসায়নিক লিকৰ দুর্ঘটনাত গুজৰাতত প্ৰায় ছজন শ্রমিকৰ মৃত্যু হ’ল । আহত কমেও ২০ জন । বৃহস্পতিবাৰৰ পুৱাৰ এই দুর্ঘটনাত মৃতৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে বুলি শংকা কৰা হৈছে ।
আৰক্ষী সূত্রে খবৰ, বৃহস্পতিবাৰে পুৱা চাৰি বজাত গুজৰাত ইণ্ডাষ্ক্ৰিয়েল ডেভেলপমেন্ট কর্প’ৰেছন (ডিআইডিচি)-ৰ সচিন অঞ্চলত এই দুর্ঘটনা সংঘটিত হয় । মৃতসকলৰ পৰিচয় জানিবৰ চেষ্টা কৰিছে তদন্তকাৰীসকলে । তেওঁলোক সকলোৱে সুৰতৰ এই অঞ্চলৰ এটা শাড়ী কাৰখানাৰ শ্রমিক বুলি প্রাথমিকভাৱে জানিব পৰা গৈছে । দুর্ঘটনাৰ খবৰ লাভ কৰিয়ে ঘটনাস্থলত উপস্থিত হয় আৰক্ষী বিষয়াসকল ।
আৰক্ষীয়ে জনায়, ঘটনাৰ সময়ত ডিআইডিচি অঞ্চলত এটা ৰাসায়নিক ভর্তি টেংকাৰৰ পৰা বর্জ্যপদার্থ ওলিয়াই নর্দমাত পেলোৱাৰ সময়ত বিপত্তি ঘটে । টেংকাৰত জেৰি ৰাসায়নিক থকা বুলি অনুমান কৰা হৈছে । বতাহৰ সংস্পর্শত অহা মাত্রকেই দুর্ঘটনা ঘটে ।
প্রত্যক্ষদর্শীসকলে জনায়, ঘটনাৰ সময়ত, ঘটনাস্থলীৰ কাষৰ এখন চাহৰ দোকানত বহি চাহ খাই আছিল বহু শ্রমিক । তেওঁলোকৰ অনেকেই অসুস্থ হৈ পৰে । অসুস্থসকলক উদ্ধাৰ কৰি স্থানীয় হাস্পাতালত লৈ যোৱা হয় । তাতেই ছজনৰ মৃত্যু হয় । আহতসকলৰ সেই হাস্পাতালতে চিকিৎসা চলিছে ।
খবৰ লাভ কৰিয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সুৰত আৰক্ষীয়ে । দুর্ঘটনাৰ পাছত অঞ্চলটোৰ পৰা পলাতক টেংকাৰ চালকজন । তেওঁৰ সন্ধানত তালাচী চলিছে বুলি জনাইছে তদন্তকাৰীসকলে । বডোদৰাৰ পৰা এটা টেংকাৰত ৰাসায়নিক লৈ আহিছিল তাৰ চালকে । তদন্তকাৰীসকলৰ অনুমান, বৃহস্পতিবাৰে পুৱা নিয়মবিৰুদ্ধভাৱে ডিআউডিচি-ৰ নর্দমাত ৰাসায়নিক বর্জ্য পেলাইছিল টেংকাৰৰ চালকজনে । তাৰ ফলতেই দুর্ঘটনা সংঘটিত হয় ।